Monthly Archives

November 2018

ছফটৱেৰ ইঞ্জিনীয়াৰ অভিজিত গগৈয়ে যোগ দিলে আলফা (স্বা)ত। সম্পূৰ্ণ ভিডিঅ’ চাওক

ডিজিটেল ডেস্কঃ কিছুদিনৰ আগতে গোলাঘাটৰ আছু নেতাই আলফা যোগদানৰ পিছতে চ'ছিয়েল মিডিয়াৰ জৰিয়তে এক ভিডিঅ' ভাইৰেল কৰিছিল। শেহতীয়াকৈ ডিব্ৰুগড়ৰ এজন ছফটৱেৰ ইঞ্জিনীয়াৰে আলফা (স্বা) অসমত যোগদানৰ খবৰ ভিডিঅ'যোগে ৰাজহুৱা কৰিছে। বিলাসী জীৱন ত্যাগ কৰি…

মন্ত্ৰী পল্লৱলোচন দাসক পহু খেদা

মন্ত্ৰী পল্লৱলোচন দাসক পহু খেদা। ৰঙাপৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিল মন্ত্ৰীজন। ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা মন্ত্ৰীজনৰ লগতে ৰাইজে পহুখেদা দিলে বিজেপিৰ কেইবাজনো কৰ্মীকো।

গুৱাহাটীত উপস্থিত মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ৰ খিতাপ বিজয়ী গোলাপ ৰাভা

মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ দখল কৰি গুৱাহাটীত উপস্থিত অসম সন্তান গোলাপ ৰাভা। সুদূৰ থাইলেণ্ডত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে গোলাপ ৰাভাই। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে…

কংগ্ৰেছৰ মন পৰিস্কাৰ নহয়ঃ মুখ্যমন্ত্ৰী সোণোৱাল

ডিজিটেল সংবাদ, গুৱাহাটীঃ কংগ্ৰেছৰ মন পৰিস্কাৰ নহয়। কোনো কাৰণতে পঞ্চায়তত প্ৰশ্ৰয় নিদিব কংগ্ৰেছক।- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি নেলীত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, হাজাৰটা…

অথন্তৰ লাগিছে নাৰ্ছ সন্থাত! সভানেত্ৰীসহ যুটীয়া সম্পাদিকাৰ পদত্যাগ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অথন্তৰ লাগিছে সদৌ অসম নাৰ্ছ সন্থাত। বিভিন্ন দাবীৰ প্ৰতিবাদত ২৬ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি গ্ৰহণ কৰা অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে শনিবাৰে সদৌ অসম নাৰ্ছ সন্থাৰ দুজনকৈ বিষয়ববীয়াই পদত্যাগ কৰিছে। সদৌ অসম নাৰ্ছ…

শিৱসাগৰত ৩৮ জনীয়া চিবিআই দলৰ অভিযান

শিৱসাগৰত চিবিআইৰ ৩৮জনীয়া দলৰ অভিযান। জিলাখনৰ ছটা স্থানত অভিযান দলটোৰ। অ এন জি চিৰ চোৰাং কেমিকেল ব্যৱসায়ী বাবুল দিহিঙীয়াৰ বাসগৃহ আৰু গুদামত তালাচী। দিহিঙীয়াৰ দৰিকাপাৰৰ বাসগৃহ আৰু নাওজান গাঁৱৰ গুদামতো অভিযান চলাইছে দলটোৱে।…

নাথুলাত ভাৰত-চীন সীমা বাণিজ্য সমাপণ

নাথুলাত ভাৰত-চীন সীমা বাণিজ্য সমাপণ। ১ মে’ৰ পৰা চলিছিল এই সীমা বাণিজ্য। ১৯৬২ৰ ভাৰত-চীন যুদ্ধৰ পিছত বন্ধ হৈ থকা এই বাণিজ্য ২০০৬ চনৰ পৰা পুনৰ আৰম্ভ হৈছিল। ২০১৭ চনত ডোকলাম বিবাদৰ বাবে আশাজনক নাছিল বাণিজ্য। এই বছৰ বাণিজ্য…

নগাঁৱৰ ছাত্ৰ হত্যাত অভিযুক্ত এজনক গ্ৰেপ্তাৰ

নগাঁৱৰ ছাত্ৰ হত্যাত অভিযুক্ত এজনক গ্ৰেপ্তাৰ। ছইদুল ইছলাম নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৩০ অক্টোবৰত কচুৱাৰ জাৰণিত ডিঙি কাটি হত্যা কৰিছিল হুছেইন আলী নামৰ ছাত্ৰজনক। মৃত ছাত্ৰজনৰ বন্ধু আছিল ধৃত ছইদুল ইছলাম।…

কৃষক-চাহ শ্ৰমিক মুক্তিৰ কৰ্মীৰ ঘৰে ঘৰে বিজেপি নেতাৰ ভাবুকিৰ অভিযোগ

ডিজিটেল সংবাদ, চাবুৱাঃ মঙ্গলবাৰে নিশা দুলীয়াজান সমষ্টিৰ অন্তগৰ্ত বিজেপিৰ দূৰ্গ হিচাপে পৰিচিত হাবিচৰাইচঙী, উদালগুৰি আদি ভালেকেইখন গাঁৱত বিজেপি চৰকাৰে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ  দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু…

অগপ-বিজেপিক ভোট দিয়া মানে বাংলাদেশীক ঘৰলৈ আঁদৰাঃ গৌৰৱ গগৈ

অগপ-বিজেপিক ভোট দিয়া মানে বাংলাদেশীক ঘৰলৈ আদৰা। বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত নাগৰিকত্ব সংশোধনী বিলৰ বাবেই অসমীয়া যুৱকে গমন কৰিছে আলফালৈ। বট্ৰদৱা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।