গুৱাহাটীত ভয়ংকৰ দূৰ্ঘটনা

0 57

ডিজিটেল ৰিপৰ্টঃ গুৱাহাটী মহানগৰীত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। ৰাজপথৰ ওপৰতে বাগৰি পৰিল এখন পানী ভৰ্তি টেংকাৰ। সদাব্যস্ত কমাৰ্চ পইণ্টৰ সন্মুখতে সংঘটিত হয় এই পথদুৰ্ঘটনা ।

 এ এছ-১৯ ৯০১৯ নম্বৰৰ টেংকাৰখন দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকজনে পলায়ন কৰে । দুৰ্ঘটনাত পতিত হোৱা টেংকাৰখন চৌধুৰী ড্ৰিংকিং ৱাটাৰৰ বুলি জানিব পৰা গৈছে ।

এখন ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । ঘটনাটো সংঘটিত হোৱাৰ পিছত পথটোত তীব্ৰ যান জঁটৰ সৃষ্টি হয় । প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মতে এখন চিটি বাছে ৰাস্তা এৰি নিদিয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় ।

Comments
Loading...