যুদ্ধ ক্ষমতাঃ প্ৰশিক্ষণৰ ম্যাদ ছমাহলৈ বৃদ্ধি চীন সেনাৰ

0 107

ডিজিটেল ৰিপৰ্টঃ চীনৰ সেনাই নতুনকৈ ভৰ্তি হবলগীয়া সেনাৰ প্ৰশিক্ষণৰ ম্যাদ তিনিমাহৰ পৰা ছমাহলৈ বৃদ্ধি কৰিছে। যুদ্ধৰ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে চীন সেনাই গ্ৰহণ কৰা এই সিদ্ধান্তৰ সম্পৰ্কত দেশখনৰ চৰকাৰী সাংবাদিকে জানিবলৈ দিছে।

গ্লৱেল টাইমছে পিপুলছ লিবাৰেচন আৰ্মী চমুকৈ পি এল এৰ তথ্যৰ আধাৰত উল্লেখ কৰামতে নৱনিযুক্ত সেনাক বিভিন্ন কোম্পানীত নিয়োজিত কৰাৰ পূৰ্বে পি এল এয়ে পেচাগতভাৱে প্ৰশিক্ষণ প্ৰদান কৰিব।

উল্লেখ্য যে পি এল এ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সেনাবাহিনী। যত ২০ লাখ সৈন্য নিযুক্তি কৰা হৈছে।

Comments
Loading...