আচলতে কি হৈছিল লংকা মহাবিদ্যালয়ত..?

0 155

সংসদীয় ৰাজনীতিৰ দৰে এইবাৰ ছাত্ৰ ৰাজনীতি যেন কোনো পিছ পৰি থকা নাই । টকাৰ জৰিয়তে ভোট কিনা যেন এক সাধাৰণ কথা তথাপিও ছাত্ৰ ৰাজনীতিত বিবেক আৰু জ্ঞান বিক্ৰী হৈ যোৱা ইমান সহজ নহয় । আহিছোঁ মূল কথালৈ যোৱা বৃহস্পতিবাৰে হোজাই জিলাৰ লংকা মহাবিদ্যালয়ত আছিল ছাত্ৰ একতা সভাৰ নিৰ্বাচন । বহু সংগঠনৰ প্ৰাৰ্থী সকল থিয় দিছিল তাৰে মুল প্ৰতিদ্বন্দিতা আছিল সদৌ অসম ছাত্ৰ সন্থা আৰু সৰ্ব ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজত ।নিৰ্বাচন সুকলমে পাৰ হৈ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হয় । প্ৰায় বিয়লি ৪:৩০বজাত মহাবিদ্যালয় কৰ্তৃপক্ষই এটা ৰিজাল্ট ঘোষণা কৰে যে নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী দুজন আৰু ছাত্ৰ সন্থাৰ তিনিজন আৰু বাকী পদ কেইটা সৰ্বভাৰতীয় বিদ্যাৰ্থী পৰিষদ জয়ী হৈছে । ঘোষণা হোৱাৰ সময়তে সৰ্বভাৰতীয় পৰিষদৰ প্ৰাৰ্থী সকলক ভিতৰত ৰাখি ৰিজাল্ট ঘোষণা কৰা কেন্দ্ৰ কৰি আৰু বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থী সকল মুখ্য পদ কেইটাত পৰাজয় হোৱা ঘটনাত পুনৰ ভোট গণনা প্ৰক্ৰিয়া কৰিবলৈ ABVP ৰ প্ৰাৰ্থী সকল লগতে কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদকে অধ্যক্ষৰ লগত কথা আলোচনা হয় যদিও সেয়া পিছলৈ যুক্তি তৰ্ক আৰু ভাষাৰ অপ্ৰয়োগ হয় যত নেকি অধ্যক্ষক ধমকি দিয়া যেন পৰিলক্ষিত হৈছিল ।
যোৱাকালিৰ পৰা বহু সংবাদ মাধ্যমত এটাই বাতৰি প্ৰকাশ হৈছিল যে ABVP ৰ নেতাৰ গুণ্ডাগিৰী..? আমিও দুঃখিত আমাৰ বাতৰি পৰিৱেশনত অলপ ভুল হৈছিল যদিও আমি কাহিনীৰ আঁৰৰ কাহিনী যেতিয়া ওলাইছোঁ তাত যেন কিবা বেলেগ আছিল ।
প্ৰথমে তৰ্ক কৰা লৰাজন এজন লংকা মহাবিদ্যালয়ৰে  ছাত্ৰ আৰু তেওঁ কলেজৰ প্রাক্তন সাধাৰণ সম্পাদক । তেওঁ অধ্যক্ষক পুনৰ ভোট গণনা হোৱাৰ কথা কৈছিল যদিও অধ্যক্ষ অমান্তি হোৱাত পিছলৈ এনে পৰিবেশৰ সৃষ্টি হৈছিল । গতিকে সৰ্বভাৰতীয় পৰিষদৰ কোনো বাহিৰা নেতাই আহি নিৰ্বাচন কৰ্থইপক্ষৰ লগত কোনো বেয়া ব্যৱহাৰ কৰা নাছিল । তেনে স্থলত ABVP নেতাৰ গুণ্ডাগিৰী কোৱা ভুল হব । কলেজৰ ছাত্ৰই হে গুণ্ডাগিৰী কৰিছিল । দ্বিতীয়তে নিৰ্বাচনৰ ভোট গণনা দাবী হৈছিল যদিও অধ্যক্ষ অমান্তি হৈছিল তথাপিও পৰৱৰ্তী সময়ত ভোট গণনা নোহোৱাকৈ ABVP ৰ ৭জন প্ৰাৰ্থী জয়ী হৈ গৈছিল আৰু মুখ্য তিনিওটা পদত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈ যায় । এনেতে প্ৰশ্ন আহে নিৰ্বাচন কৰ্তৃপক্ষলৈ পুনৰ কোনো ভোট গণনা নোহোৱাকৈ কিহৰ ভিত্তিত ছাত্ৰ সন্থাৰ তিনিজন প্ৰাৰ্থী আকৌ পৰাজয় কৰাই সৰ্বভাৰতীয় প্ৰাৰ্থী সকল জয়ী হৈ গল ।
ইফালে ABVP ৰ প্ৰাৰ্থীৰ লগত হোৱা আমাৰ প্ৰশ্নত তেখেত সকলে স্পষ্টকৈ কব বিচাৰিছে কলেজৰ অধ্যক্ষই নিজৰ হাতত ক্ষমতাৰ প্ৰয়োগ ৰাখিবলৈ মুখ্য তিনিওটা পদ নিৰ্দলীয় প্ৰাৰ্থীক জিকাই দিয়ে । ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাৰ্থীৰ মতে মহাবিদ্যালয়ৰ অধ্যক্ষই সমস্ত মহাবিদ্যালয় নিজৰ হস্তক্ষেপত ৰাখিবৰ বাবে একনায়কত্বাবাদী শাসন কৰিব বিচাৰিছে বুলি ছাত্ৰ সন্থাৰ প্ৰাৰ্থী জয়ী হোৱাৰ পিছত এবাৰ ঘোষণা হোৱাৰ পিছত আকৌ পৰাজয় ঘোষণা কৰিলে অথচ কোনো পুনৰ ভোট গণনা প্ৰক্ৰিয়া নোহোৱাকৈ ।

এইখিনিতে প্ৰশ্ন হয় কেনেকৈ ছাত্ৰ সন্থাৰ প্ৰাৰ্থীক এবাৰ জয়ী ঘোষণা কৰাৰ পিছত আকৌ পৰাজয় বুলি কলে..?
উত্তপ্ত পৰিস্থিতি একমাত্ৰ পুনঃ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে হৈছিল যদিও অধ্যক্ষ অমান্তি হৈছিল ।

আচলতে সঁচাকৈয়ে মহাবিদ্যালয়ৰ অধ্যক্ষই কিবা প্লেন কৰিছিল নেকি..?
কিয় তেওঁ দুবাৰকৈ ৰিজাল্ট ঘোষণা কৰিবলগীয় হল..?
প্ৰাক্তন সাধাৰণ সম্পাদক জনৰ ভাষাৰ প্ৰয়োগ ভুল হৈছিল সেয়া মানিবলগীয়া কিন্তু অধ্যক্ষই এতিয়া পৰ্যন্ত সেই ছাত্ৰ জনৰ ওপৰত কিয় বিহীত ব্যৱস্থা লোৱা নাই..? অধ্যক্ষই ছাত্ৰ জনৰ ওপৰত কি বিহীত ব্যবস্তা হাতত লয় সেয়া লক্ষ্যণীয় হব ।

80%
Awesome
  • Design
Comments
Loading...