পাকিস্তানী পতাকা দাহ হিন্দু ক্ৰান্তি দলৰ

0 138

ডিজিটেল ৰিপৰ্টঃ ভাৰত পাক-সীমান্তত পাকিস্তানে ৰেঞ্জানে ভাৰতীয় বি এছ এফ জোৱানক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ প্ৰতিবাদ জনাইছে হিন্দু ক্ৰান্তি দল, অসমে।

ভাৰত-পাক সীমান্তত কৰ্মৰত বি এছ এফ জোৱান নৰেন্দ্ৰ কুমাৰক শিৰচ্ছেদ কৰি অতি নৃশংসভাৱে পাকিস্তানী ৰেঞ্জাৰে হত্যা কৰাৰ ঘটনাৰ প্ৰতিবাদত আজি ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দল, অসমে পাকিস্তানৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

আজি সন্ধিয়া ডিব্ৰুগড় থানা চাৰিআলিত সংগঠনটো কৰ্মীসকলে পাকিস্তান মুৰ্দবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে পাকিস্তানী পতাকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।   

Comments
Loading...