সন্ধানহীন ৰেৱতী ফুকনঃ বিধানসভাত ক্ষোভ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ

0 142

ডিজিটেল ৰিপৰ্টঃ বিগত পাঁচমাহে সন্ধান নাই প্ৰাক্তন খেলুৱৈ তথা পিচিজিৰ নেতা ৰেৱতী ফুকনৰ। গুৱাহাটীৰ পৰা হঠাত্ সন্ধানহীন হৈ পৰা প্ৰাক্তন ফুটবল খেলুৱৈগৰাকীৰ সন্ধানৰ বাবে বিগত সময়ছোৱাত বহুকেইটা দল-সংগঠনে দাবী জনাই অহাৰ পিছতো সন্ধান উলিয়াব নোৱাৰিলে ৰেৱতী ফুকনৰ।

ইপিনে আজি প্ৰাক্তন খেলুৱৈগৰাকাৰী সন্ধান উলিওৱাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি আজি লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ অসম বিধানসভাৰ শৰত্কালীন অধিৱেশনত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

২২ এপ্ৰিলৰ আজি পৰ্যন্তলৈকে সন্ধানহীন হোৱা প্ৰাক্তন খেলুৱৈ ৰেৱতী ফুকনৰ সন্ধানৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে লাহোৱালৰ যুৱ বিধায়ক বৰুৱাই।

Comments
Loading...