ফিলিপাইনছত ধুমুহা-ভূমিস্খলনত নিহত দুই শতাধিক

0 88

ডিজিটেল ৰিপৰ্টঃ ফিলিপাইনছত যোৱা এসপ্তাহ ধৰি অব্যাহত থকা এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন। ইপিনে ধুমুহাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে দেশখনৰ প্ৰায় ১৬ লাখ কৃষক আৰু মাছমৰীয়া। এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে দুই শতাধিক লোকে। যোৱা দেওবাৰে উদ্ধাৰকাৰী বাহিনীয়ে ৪৯ টা মৃতদেহ উদ্ধাৰ কৰিছে।

দেশখনত ভূমিস্খলনৰ ফলত বিগত এসপ্তাহৰ ভিতৰত মৃত্যু হৈছে ৯৫ জন লোক। উদ্ধাৰকাৰী দলে বৰ্তমানেও দেশখনৰ ইন্টোগান চহৰৰ ১৪ জন আৰু নাগা চহৰৰ ৪০ লোকৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, যোৱা ১৫ ছেপ্তেম্বৰৰ পৰা ধুমুহাই সংহাৰ ৰূপ ধাৰণ কৰিছে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰখনত। বতৰ বিজ্ঞানীসকলে আৰু কেবাদিনো ধৰি এই দুৰ্যোগ অব্যাহত থাকিব বুলি সম্ভাৱনা ব্যক্ত কৰাত অধিক সষ্টম হৈ পৰিছে দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ।

Comments
Loading...