উজনিত প্ৰথমবাৰৰ বাবে ট্ৰাইফেডৰ লঘূ আদি মহোত্সৱ

0 119

ডিজিটেল ৰিপৰ্ট, ডিব্ৰুগড়ঃ ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনস্থ ট্ৰাইবেল ক’অপাৰেটিভ ডেভেলপমেন্ট ফেডাৰেশ্বন অফ ইণ্ডিয়া চমুকৈ ‘ট্ৰাইফেড’ৰ উদ্যোগত আজিৰ পৰা অহা ৩০ ছেপ্তেম্বৰ পৰ্যন্ত ডিব্ৰুগড় চহৰৰ ৰায়বাহাদুৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনত অনুষ্ঠিত হৈছে ‘লঘূ আদি মহোত্সৱ’।

এই মহোতসৱত ৰাজ্যখনৰ লগতে নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ঝাৰখণ্ডৰ জনজাতীয় সাজ-পাৰকে ধৰি বিভিন্ন আ-অলংকাৰ আদি প্ৰদৰ্শন কৰা হৈছে। আজি বিয়লি এই মহোত্সৱখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ উপৰি অনুষ্ঠিত এক উদ্বোধনী সভাত অংশগ্ৰহণ কৰি কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় সাজ-পাৰ, অলংকাৰ, হস্তশিল্প আদি বিশ্বমানৰ।

বিশ্বৰ যিকোনো দেশৰ জনগোষ্ঠীয় সৃষ্টিসমূহৰ লগত সমানে ফেৰ মাৰিব পৰাৰ ইয়াৰ সক্ষমতা আছে। ট্ৰাইফেডে দেশৰ বিভিন্ন জনজাতীয় শিল্পীসকলৰ সৃষ্টিসমূহক এক বৃহত্ বজাৰ প্ৰদানৰ লক্ষ্যৰে এই মহোত্সৱসমূহ অনুষ্ঠিত কৰি অহাৰ ফলত থলুৱা শিল্পীসকল বিশেষভাৱে উপকৃত হোৱাৰ লগতে এখন বহল বজাৰো লাভ কৰিছে বুলি উল্লেখ কৰি উপায়ুক্তা মাদ্দুৰীয়ে আজিৰ পৰা ডিব্ৰুগড়ত আৰম্ভ হোৱা এই মহোত্সৱখনিয়ে ৰাইজক আকৰ্ষিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে।

ট্ৰাইফেডৰ বিপণন বিভাগৰ বিষয়া এছ কে ডুবেই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত চহৰখনৰ বহুসংখ্যক গণমান্য ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ পিছত উপায়ুক্ত মাদ্দুৰীয়ে মহোতসৱত অংশগ্ৰহণকাৰীসকলৰে মত্ বিনিময় কৰে।

Comments
Loading...