বাণিজ্যিক বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্তঃ কটনিয়ানৰ প্ৰতিবাদ

0 113

ডিজিটেল ৰিপৰ্টঃ বাণিজ্যিক বাছ সমূহৰ ভাড়া পঞ্চাশ শতাংশ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে কালি ৰাজপথলৈ ওলাই আহিল কটনিয়ান। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে বাছ ভাড়া বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ লগতে ছাত্র-ছাত্ৰী সকলক কেনেদৰে জ্বলাকলা খুৱাব সেইয়া সহজেই অনুমেয়। যি সময়ত ছাত্র-ছাত্ৰীৰ বিভিন্ন বৃত্তি সমূহ কৰ্তন কৰি দিয়া হৈছে, নামভৰ্তিৰ মাচুল বৃদ্ধি কৰা হৈছে এনে সময়তে বৰ্ধিত বাছ ভাড়া ছাত্র সমাজৰ দুৰ্ভোগৰ কাৰক হৈ পৰিছে।

ছাত্রসমাজৰ এই প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনাবলৈ ৰাজপথলৈ ওলাই আহিল কটনিয়ান।মহেন্দ্ৰনাথ ডেকাফুকন ছাত্ৰাবাসৰ নেতৃত্বত অগণন কটনিয়ান স্বতঃস্ফূৰ্তভাবে ওলাই আহিল কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ।

বৰ্ধিত বাছ ভাড়া বিৰোধী আন্দোলনৰ জৰিয়তে কটনিয়ানে ছাত্র সমাজৰ বাবে পঞ্চাশ শতাংশ ভাড়া ৰেহাই,বাছ ভাড়া হ্ৰাস আৰু পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস আদিৰ দাবীৰে এখন তিনিদফীয়া স্মৰকপত্ৰ কামৰূপ জিলা উপায়ুক্তক প্ৰদান কৰে।

Comments
Loading...