চাবুৱা-টেঙাখাত গড়কাপ্তানী পথত গধূৰ যান-বাহন চলাচল নিষিদ্ধ

0 221
ডিজিটেল ৰিপৰ্ট, চাবুৱাঃ মৰণফাণ্ডলৈ পৰিণত হৈ পৰিছে চাবুৱা-টেঙাখাত সংযোগী পথ। জৰাজীৰ্ণ গড়কাপ্তানী পথটোৰ মেৰামতিৰ দাবী জনাই আজিৰে পৰা অনিৰ্দিষ্টকাললৈ গধূৰ যান-বাহন চলাচল বন্ধ কৰিছে তিনিটাকৈ সংগঠনে।
মটক ছাত্ৰ সন্থা, নিৱনুৱা পৰিষদ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ চাবুৱা আঞ্চলিক সমিতিয়ে জৰাজীৰ্ণ গড়কাপ্তানি পথটো গধূৰ যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত নিষিদ্ধ কৰিছে।
প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোত যাতায়াতৰ ক্ষেত্ৰত স্থানীয় ৰাইজে যমৰ-যাতনা ভূগিবলগীয়া হৈছে। ইপিনে পথটো নিৰ্মাণ নকৰা পৰ্যন্ত অনিদিষ্টকাললৈ গধূৰ যান-বাহন চলাচল বন্ধ থাকিব বুলি সংগঠনকেইটাই স্পষ্ট কৰি দিছে।
Comments
Loading...