ৰহমৰীয়াত ‘শান্তিৰ মৌ কোঁহ’ শীৰ্ষক আলোচনী উন্মোচন

0 100

প্ৰশান্ত কোঁৱৰঃ ৰহমৰীয়া আৰক্ষী থানাত দেওবাৰে এখন আলোচনী উন্মোচন কৰা হয়। ৰহমৰীয়া আৰক্ষী থানা আৰু গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত হৰিকান্ত দুৱৰাৰ সম্পাদনাত “শান্তিৰ মৌ কোঁহ” নামৰ আলোচনীখন উন্মোচন কৰা হয়।

আলোচনীখনিত ৰহমৰীয়াৰ লগতে চাবুৱা, ডিব্ৰুগড়ৰ বিশিষ্ট সাহিত্যিকৰ মননশীল প্ৰবন্ধ, কবিতা প্ৰকাশ হৈছে।

চাবুৱা থানা সমিতিৰ সভাপতি শৈলেন শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ উন্মোচনী সভাখনত সদ্য শিল্পী পেঞ্চনাৰ হেমন্ত কোঁৱৰ, চিকিৎসা বিষয়া ডাঃ প্ৰভাত বৰাকে ধৰি সমাজৰ ভিন্ন ক্ষেত্ৰত জড়িত বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠভ বৃদ্ধি কৰে। স্থানীয় সমাজকৰ্মী ঘনকান্ত বৰুৱা আৰু প্ৰিয়নাথ শৰ্মাই আলোচনী খনৰ উন্মোচন কৰে।

Comments
Loading...