অসম খু খু এচ’চিয়েচন ৰেফাৰি বৰ্ডৰ পৰীক্ষাৰ ফলাফল ঘোষণা

0 114

ডিজিটেল সংবাদ, লাহোৱালঃ অসম খু খু এচ’চিয়েচনে অনুষ্ঠিত কৰা ৰেফাৰী বৰ্ডৰ পৰীক্ষাত ডিব্ৰুগড় জিলাখনৰ চাৰিগৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা ৮ এপ্ৰিলত নলবাৰীত অনুষ্ঠিত হৈ যোৱা অসম খু খু এচচিয়েচন ৰেফাৰি বৰ্ডৰ ৰাজ্যিক পৰ্যায়ৰ খু খু ৰেফাৰি পৰীক্ষাৰ ফলাফলত  উত্তীৰ্ণ হৈছে জিলাখনৰ চাৰিগৰাকী পৰীক্ষাৰ্থীয়ে।

ডিব্ৰুগড় জিলাৰ খু খু সন্থাৰ সম্পাদক মনোৰঞ্জন হাজৰিকাই জনোৱা মতে ৰাজ্যিক পয্যায়ৰ খু খু ৰেফাৰি পৰীক্ষাত ডিব্ৰুগড় জিলাৰ মনোৰঞ্জন কোৱৰ,কফুল গগৈ, হিৰণময় গোহাঁই, আৰু খগেন বৰুৱা উত্তীৰ্ণ হৈছে ।

Comments
Loading...