ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সমিতি গঠন

0 82

ডিজিটেল ডেস্কঃ অৱশেষত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্হা জামছেদ খান আৰু মনীন্দ্ৰ নাথ শইকীয়াৰ নেতৃত্বাধীনৰ অৱসান ঘটিল। সুদীৰ্ঘ নটা বছৰ দখলত থকাৰ পাছত যোৱা নিশা হোৱা সাধাৰণ নিৰ্বাচন ত তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজেৰে ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্হাৰ নতুনসমিতিখন গঠন হৈ যায় । ডিব্ৰুগড় জিলা ক্ৰীড়া সন্হাৰ সভাপতিৰ পদত ডঃ দেৱজিত দত্তই মনীন্দ্ৰনাথ শইকীয়াক পৰাজিত কৰি জিলা ক্ৰীড়া সন্হাৰ নৱ সভাপতি ৰূপে নিৰ্বাচিত হয়।

কাৰ্য্যকৰী সভাপতিৰ পদত কামাখ্যা শইকীয়াই অসম এথলেটিকছৰ যুটীয়া সম্পাদক কৰুণজ‍্যোতি শইকীয়াক বৃহৎ ভোটৰ ব‍্যৱধানত শোচনীয়ভাৱে পৰাস্ত কৰে। উপ সভাপতিৰ পদৰ বাবে নিৰ্বাচিত হয় ক্ৰমে ৰমেশ ফুকন , জ্ঞান প্ৰকাশ শৰ্মা আৰু ভূপেন গগৈ। সহঃ সম্পাদকৰ পদৰ বাবে নিৰ্বাচিত হয় ক্ৰমেঃ তাৰিক খান, ত্ৰিদিপ দাস আৰু বিৰাজ চেতিয়া।

ৰেফাৰী বৰ্ডৰ সম্পাদকৰ পদত ৰাজীৱ শইকীয়াই মৃদুল হাজৰিকাক আৰু ফুটবল শাখাৰ সম্পাদকৰ পদত প্ৰীতম দাসে জীৱন গগৈক নিচেই কম সংখ্যক ভোটৰ ব‍্যৱধানত পৰাজিত কৰে। ইফালে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় সাধাৰণ সম্পাদকৰ পদত নিৰঞ্জন শইকীয়া, যুটীয়া সম্পাদকৰ পদত অঞ্জন কুমাৰ বৰুৱা আৰু বিশ্বজিৎ বড়া।

ক্ৰমে বেডমিণ্টন শাখাৰ সম্পাদকৰ পদত মানস চেতিয়া, স্কোৱাছ শাখাত আব্দুল নাজিদ, এথেলেটিকছ শাখাত বিপুল চেতিয়া, ভলীবল শাখাত শৈলেন সোণোৱাল আৰু ক্ৰিকেটৰ শাখাত নৱজ‍্যোতি মহন বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। ডিব্ৰুগড় চহৰত জামছেদ খানৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাৰ্য্যনিৰ্বাহক সদস‍্যৰ সৈতে প্ৰায় ৩২ জনীয়া ডিব্ৰুগড় জিলা ক্ৰীড়া সন্হাৰ সমিতিখন গঠিত হয় ।

Comments
Loading...