গুৱাহাটীত ভাৰত-ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটঃ ১১ অক্টোবৰৰ পৰা অনলাইন টিকট

0 174

ডিজিটেল স্পৰ্টছঃ ২১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। গুৱাহাটীৰ বৰ্ষাপাৰাত ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া মেচখন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে অসম ক্ৰিকেট সন্থাই পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে।

বিগত বৰ্ষত ভাৰত আৰু অষ্টেলিয়াৰ মাজৰ টি-২০ মেজখন আয়োজনৰ সময়ত যিবোৰ ক্ৰটি ৰৈ গৈছিল, সেইবোৰ শুধৰাই এ চি এই অনুৰাগীক সুন্দৰ মেচ উপহাৰ দিবৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা চলাই আছে।

অসম ক্ৰিকেট সন্থাৰ সভাকক্ষত মঙ্গলবাৰে অনুষ্ঠিত কৰা এখন সংবাদমেলত সন্থাৰ তদাৰকী সভাপতি নিলয় দত্তই টি ২০ৰ সময়ত অষ্টেলিয়া দলৰ গাড়ীলৈ শিল নিক্ষেপ কৰাৰ দৰে ঘটনা পুনৰ যাতে সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি পুলিচ-প্ৰশাসনে বিগত বৰ্ষতকৈ এইবাৰ নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰিব বুলি জানিবলৈ দিছে।

সংবাদমেলত অসম ক্ৰিকেট সন্থাৰ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইয়ে জানিবলৈ দিয়ামতে খেলৰ টিকটসমূহ ১১ অক্টোবৰৰ দিনৰ ১২ বজাৰ পৰা অনলাইনত বুক মাই শ্বযোগে মুকলি কৰি দিয়া হব। দুপৰীয়া ১২.৩০ বজাৰ পৰা আৰম্ভ হবলগীয়া এদিনীয়া মেচখনৰ টিকটৰ মূল্যসমূহ হল, ৪,৫০০, ৪,০০০, ২,৫০০, ২,২৫০, ২,০০০, ১,৭৫০, ১,৫০০ টকা আৰু ১,২৫০ টকা।

আনহাতে ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ টকা মূল্যত ২,০৪৩ টা টিকট অনলাইনযোগে উপলবদ্ধ হব।  

Comments
Loading...