টেঙাখাট এফ চি চি দল ফাইনেইলত প্ৰৱেশ   

0 116

বিজুত বৰুৱা, পানীতোলাঃ গন্ধিয়া যুৱক সংঘৰ উদ্যোগত আৰু বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত, গন্ধিয়া গাঁও খেলপথাৰত অনুষ্ঠিত হৈ থকা, “স্বৰ্গীয় ৰুহিনী গোহাঁই” সোঁৱৰণী দশম বাৰ্ষিক আমন্ত্ৰণমূলক প্ৰাইজমাণি ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথম খন চেমিফাইনেলত দুলিয়াজান ক্লাৱে  টেঙাখাট এফ চি চিৰ মুখামুখি হয়।

খেলখনত টেঙাখাট এফ চি চিয়ে দুলিয়াজান ক্লাৱক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেইলত প্ৰৱেশ কৰে। আনহাতে অহা কাইলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় খন চেমিফাইনেলত বদৌছা স্পৰ্টছ ক্লাৱ আৰু কাকপথাৰ এফ চি চিৰ মাজত অনুষ্ঠিত হ’ব বুলি উদ্যোগক্তা সমিতিয়ে জানিবলৈ দিছে। 

Comments
Loading...