এদিনীয়া ক্ৰিকেট মেচঃ আজি গুৱাহাটীত উপস্থিত হব ভাৰত-ৱেষ্ট ইণ্ডিজ দল

0 163

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজ দল। ২১ অক্টোবৰত বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট মেচ। হায়দৰাবাদৰ পৰা বিশেষ বিমানেৰে আহিব দুয়োটা দল।

১৭ অক্টোবৰত আহিব বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়া। দুয়োটা দলৰ বাবে জেড পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলখনত ধাৰাভাষ্যকাৰ হিচাপে আহিব সুনীল গাভাস্কাৰ আৰু কপিল দেৱ।

শচীন তেণ্ডুলকাৰ, সঞ্জয় মাঞ্জেকাৰ, সৌৰভ গাংগুলী আৰু বীৰেন্দ্ৰ ছেহৱাগো আহিব গুৱাহাটীলৈ।

Comments
Loading...