অসম আৰু অসমীয়াৰ কিছু কথা:নাছিম আহমেদ

0 81
NASIM AHMED
Lovely Professional University
কবলৈ দোষ লাগে যদিও নিৰ্বাচন শুনিলে আমাৰ মনত এতিয়া ঘৃণাৰ ভাৱ হয় । সৰু থাকোঁতে নিৰ্বাচন শুনিলে বহু কথা ভাবিছিলোঁ মনত ভাল নেতা ভাল ব্যক্তি এজনে নিজৰ ব্যক্তিগত স্বাৰ্থ এৰি সমাজৰ হকে কিবা কৰিবলৈ আগুৱাই গৈ আছে তেনেকুৱা ভাৱিছিলো কিন্তু অলপ বুজিব পৰা বয়স হল যেতিয়া সকলো ভৱা কথাবোৰ কাল্পনিক হল । মোৰ ধাৰণাৰে ভাৰতবৰ্ষৰ মানুহে একমাত্ৰ স্বাধীনতাৰ পিছত হয়তো প্ৰথম নিৰ্বাচনত নিজৰ গণতান্ত্ৰিক মৰ্যদা সহ নিজ ইচ্ছাৰে ভোট দিছিল হবলা । কিয়নো বৰ্তমান ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতা আৰু পালি নেতা সকল দেখি অনুভৱ নহয় যেন তেওঁলোক ৰাইজৰ হকে থিয় হৈছে বুলি । সমাজৰ হকে কিবা কৰিবলৈ আগুৱাই আহিছে আচলতে ভাৰতীয় সংবিধানে এচাম মানুহৰ জীৱিকাৰ উপায় উলিয়াই দিছে এই নিৰ্বাচনৰ যোগেদি । কোনোবা মহান ব্যক্তিৰ মতে” নিৰ্বাচন হৈছে ৰাইজৰ দ্বাৰা ৰাইজৰ মতে ৰাইজৰ হকে উচিত ব্যক্তিক নিৰ্বাচন কৰি ৰাইজে সমাজৰ  উন্নতি কৰিবলৈ সুযোগ দিয়া ”
পিছে সেয়া আজিকালি আৰু নহয় সেয়া স্পষ্ট কথা কিয়নো এইক্ষেত্ৰত এতিয়া পেচা ভাৱ আহি পৰিছে । যদিও আজিও দুই এজন প্ৰকৃত ব্যক্তি আছে ভাবে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া অটল আছে । এইখন ভাৰতবৰ্ষত এতিয়া ৰাজনীতি শব্দটো এক ঘৃণনীয় স্বৰূপ হৈ উঠিছে । শব্দটো শুনিলে এনেকুৱা অনুভৱ হয় কৰবাত কিবা টকা খোৱা , ধৰ্মৰ নামেৰে কাজিয়া লগোৱা , দুৰ্নীতি কৰা ভয় লগা হৈ পৰিছে শব্দটো কিন্তু ৰাজনীতি হৈছে জননীতি আৰু সেয়া এক পৱিত্ৰ শব্দ । যদিও মই কবলৈ ওলাইছোঁ অসম মূলকৰ কথা অসমীয়াৰ প্ৰাণ অসম ৰাজ্য এতিয়া হাজাৰ সমস্যাৰ মাজত আৰু এই সমস্যা আজিৰ নহয় পুৰণি সমস্যালৈ প্ৰতিবাৰে সৰু বৰ ৰাজনৈতিক দল সমূহে মিছলীয়া ৰাজনীতি কৰি অসমৰ আৰ্থিক অৱস্থা জুৰুলা কৰি পেলাইছে । ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমৰ পৰা অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰনৰ দাবীত হোৱা ব্যাপক গণ জাগৰনৰ ফচল হ’ল ১৯৮৫ চনত কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনৰ নেতৃবৰ্গৰ মাজত সম্পাদিত হোৱা ঐতিহাসিক অসম চুক্তি। শত সহস্ৰ জনতাৰ ছবছৰীয়া সংগ্ৰাম আৰু ৮৫৫ জন শ্বহীদৰ জীৱন দানৰ বিনিময়ত লাভ কৰা অসম চুক্তি নি:সন্দেহে অসমৰ জনতাৰ বাবে এক গুৰুত্বপূৰ্ণ দলিল। অসমৰ সংগ্ৰামী জনগনে আশা কৰিছিল যে এই অসম চুক্তিৰ আধাৰত অবৈধ ভাৱে বসবাস কৰি থকা সকলো বিদেশীকে অসমৰ পৰা বহিষ্কাৰ কৰা হ’ব আৰু খিলঞ্জীয়া মানুহে নিজৰ মাটিতে অস্তিত্ব হেৰুওৱাৰ আশংকা নিৰ্মুল হ’ব।
অসম চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰায় ৩০ বছৰ পাৰ হৈ গ’ল। এইখন চুক্তিৰ আধাৰত এতিয়ালৈ অসমৰ পৰা কিমান জন বিদেশী চিনাক্ত কৰিব পৰা গ’ল, কিমান জনক বহিষ্কাৰ কৰিব পৰা গ’ল সেই বিষয়ে অসমৰ ৰাইজক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তিনি দশক জুৰি নোহোৱা অসাধ্য সাধন কৰিবলৈ অসম চুক্তি ভৱিষ্যতে সমৰ্থ হয় নে নহয় সেই বিষয়েও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। অসমীয়াত এষাৰ কথা আছে “যি মুলা বাঢ়িব, তাৰ দুপাততে চিন”। শুনিবলৈ বেয়া যদিও এই কথা সত্য যে, অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰাৰ লক্ষ্যৰে সম্পাদিত হোৱা অসম চুক্তিয়ে এতিয়ালৈকে ইপ্সিত ফলাফল লাভ কৰা নাই।  অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কৰণৰ বিষয়টোৰ ৰাজনৈতিক পাক ঘুৰণীত পৰি এতিয়া নাজল নাথল অৱস্থা হৈছে। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পৰা এতিয়ালৈ চাৰি দশকৰো অধিক সময় পাৰ হৈ গ’ল। এই দীঘলীয়া সময়চোৱাত কিমান মানুহ অসমত প্ৰৱেশ কৰিলে, কিমান অবৈধ অনুপ্ৰৱেশকাৰীয়ে চৰকাৰী ৰেচন কাৰ্ড লাভ কৰিলে, কিমানে ভোটাধিকাৰ পালে, কিমানে ইয়াতেই বৈবাহিক সম্বন্ধ কৰিলে, কিমানৰ ল’ৰা ছোৱালী হৈ চৰকাৰী চাকৰিয়াল হ’ল, তাৰ কোনো হিচাপ নাই। ভাৰত চৰকাৰে সংশোধন কৰা নাগৰিকত্ব আইন অনুসৰি অনুপ্ৰৱেশকাৰীৰ ২০০৩ চনলৈ ভাৰতত জন্ম হোৱা সতি সন্ততি সকল ভাৰতীয় নাগৰিক। গতিকে ল’ৰা ছোৱালী হঁতক ভাৰতত থাকিবলৈ দি মাক দেউতাকক বহিষ্কাৰ কৰাৰ দৰে অবান্তৰ ঘটনা সম্ভৱ হ’বনে? অবৈধ অনুপ্ৰৱেশ কাৰী হ’লেও ইমান দিনে এক সামাজিক বান্ধোনত বান্ধ খাই পৰা, চৰকাৰী অনুগ্ৰহতে স্থাৱৰ বা অস্থাৱৰ সম্পত্তি আহৰন কৰা লোক সকলক কেৱল এখন চুক্তিৰ আলমত জোৰ জুলুম নকৰাকৈ বা মানৱ অধিকাৰ খৰ্ব নকৰাকৈ অসমৰ পৰা বাহিৰ কৰি দিব পৰা যাবনে? এচাম মানুহক বল প্ৰয়োগ কৰি বহিষ্কাৰ কৰা কাৰ্যই তীব্ৰ গণৰোষ আৰু যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি নকৰিবনে? বাংলাদেশী মুছলমান সকল আক্ৰমনৰ বলি হোৱা বুলি সমগ্ৰ ইছলাম বিশ্ব খড়্গহস্ত হৈ পৰাৰো আশংকা আছে।
অসম চুক্তিৰ আধাৰত অসমৰ পৰা বিদেশী বহিষ্কাৰ এতিয়া এক অলীক সপোন স্বৰূপ হৈ পৰিছে। এই অলীক সপোনকে বাৰে বাৰে দেখুৱাই অসমৰ কেইটামান তথাকথিত জাতীয়তাবাদী সংগঠনে মানুহক বিভ্ৰান্ত কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰি আহিছে। ১৯৮৫চনৰ পিছত অসমৰ মূল সমস্যা সমাধান কৰাৰ উদ্দেশ্যে এতিয়াৰ মিত্ৰজোট চৰকাৰৰ সহযোগী অসম গণ পৰিষদ দলৰ চৰকাৰ গঠন হৈছিল যদিও আঞ্চলিকতাবাদী দল অগপ ই বিদেশী সমস্যা সমাধান কৰাটো দূৰৰ কথা ভাৰত বাংলাদেশ সীমান্ত চীল কৰিব পৰা নাই আৰু একে সময়তে গুপ্ত হত্যাৰ দৰে মাৰাত্মক গঠনাৰ সৃষ্টি হল এই সুযোগ লৈ ৰাষ্ট্ৰীয় দল কংগ্ৰেছে একেৰাহে তিনিবাৰ গাদী দখল কৰিলে কিন্তু সমস্যা সমস্যাৰ হৈ থাকিল । অসমীয়া ৰাইজৰ বিশ্বাস মৃত্যু হৈ গৈছিল দেশৰ শাসন ব্যৱস্থাৰ ওপৰত আৰু সেই সুযোগ লৈ বৰ্তমান বিজেপি চৰকাৰে এটা নহয় দুটা নহয় সম্পূৰ্ণ সকলো সমস্যা সমাধানৰ আশ্বাস দি জাতি মাটি ভেটি ৰ কথা কৈ গাদী পূৰ্ণ দখল কৰিলে । যদিও প্ৰায় ৪ কেন্দ্ৰত বিজেপি চৰকাৰে সম্পূৰ্ণ কৰা অসমত প্ৰায় ১ ১/২বছৰ সম্পূৰ্ণ কৰিলে কিন্তু জাতি মাটি ভেটিৰ হৈ কাম কৰাৰ পৰিবৰ্তে সম্পূৰ্ণ বিপৰীত কৰিছে । হিন্দু বাংলাদেশীক নাগৰিকত্ত্ব প্ৰদানৰ পৰা আৰম্ভ কৰি জাতীয় নেতা কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ জালত আৱদ্ধ কৰি ৰখা চৰকাৰে এটাও হয়তো জাতিৰ স্বাৰ্থত কাম কৰা নাই ।
এতিয়া সমাগত পঞ্চায়ত নিৰ্বাচন আৰু সেই উদ্দেশ্য আগত ৰাখি প্ৰতিটো ৰাজনৈতিক দল অসমীয়া ৰাইজক আপোন কৰাৰ চেষ্টা কৰি আছে যদিও আনফালে এটা ৰাজনৈতিক দলত থাকি বহু দুৰ্নীতি কৰি এতিয়া বেলেগ ৰাজনৈতিক দলত যোগদান কৰি আছে । তেনে ক্ষেত্ৰত অসমৰ ৰাইজক সুস্থ মনৰে চিন্তা কৰাৰ প্ৰয়োজন । আৱেগিক নহৈ স্পষ্ট আদৰ্শ থকা তথা সঠিক পদক্ষেপ লোৱাৰ প্ৰয়োজন হল । এইবাৰ যদি সঠিক সিদ্ধান্ত লব নোৱাৰে তেন্তে জীৱনতো শুদ্ধ চিন্তা কৰিব পাৰিব বুলি মোৰ ধাৰণা নহয় ।
Comments
Loading...