সমাজৰ পৰিৰ্তন হবলে হলে দেশৰ শাসনবাৰ সমাজৰ যুৱ প্ৰজন্মৰ হাতত দিয়াটো প্ৰয়োজন

0 92

ৰাইজৰ পৰিবৰ্তন হবলে হলে,সমাজৰ পৰিৰ্তন হবলে হলে দেশৰ শাসনবাৰ সমাজৰ যুৱ প্ৰজন্মৰ হাতত দিয়াটো অত্ন্যন্ত প্ৰয়োজন। আৰু এই কথাটো যুক্তি সহকাৰে আখৰে আখৰে ফলিয়াই দিব পাৰিম।
যুৱপ্ৰজন্মৰ জৰিয়তে পৰিবৰ্তন আনিব পাৰি । যুৱপ্ৰজন্মই ইচ্ছা কৰিলে অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰে যুৱপ্ৰজন্মই নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি ,এখন দূৰ্নীতি মুক্ত, শিক্ষিত তথা যুৱপ্ৰজন্মৰ চৰকাৰ গঠন কৰিব পাৰিব। ৰাজ্যখনত আনিব পাৰিব পৰিবৰ্তনৰ বতাহ ।
কিয়নো আজিৰ যুগত যুৱপ্ৰজন্মৰ দ্বাৰাই সকলো কাম কাজ সম্পূৰ্ন হয়।
যুৱক বয়সত যুৱকসকলৰ মনৰ ভাৱ,ইচ্ছা,আক্ষাংশ সদায় অধিৰ হৈ থাকে।
সমাজত কিবা এটা কৰি দেখুওৱাব পৰা জোশ্ব জুনুন থাকে লগতে সদায় সৎ চিন্তাৰ ভাৱ থাকে। যুৱসমাজে ৰাট্ৰ এখন গঢ় দিয়ে, সেইবাবেই এই যুৱপ্ৰজন্মৰ ওপৰত সাধাৰণ জনতাই বিশ্বাস স্থাপন অধিক থাকে আৰু সিহতে ভালদৰে বুজি পায় যে আজি যদি ঊন্নতি নহয় তেন্তে যুৱক সমাজৰ ভৱিষৎ অন্দ্বকাৰ হব সেয়েহে সমাজৰ যুৱক সকলে নেতৃত্ব বিছাৰে সমাজৰ উন্নতিৰ বাবে ।
ৰাইজৰ উন্নতিৰ বাবে। অথচ সিহতৰ ভৱিষৎ প্ৰজন্মৰ উন্নতিৰ বাবে বিছাৰে নেতৃত্ব ।
বৰ্তমান এক নতুনত্বতাৰ যুগ বা আধুনিকতাৰ যুগ বুলিও কোৱা হয়। আৰু এই আধুনিকতাত মুখ্য ভূমিকা গ্ৰহন কৰিছে নৱ প্ৰজন্মই । আৰু এই নৱ প্ৰজন্মৰ আধুনিকততাৰ ধাৰনা হয়তো সকলো মানুহে পোৱাটো এক কঠিন।
ইণ্টাৰনেটৰ ব্যৱহাৰ বা বহুতু চছিয়েল মেডিয়াত যুৱ প্ৰজন্মই অসমৰ ৰাজনৈতি ধাৰনা বহুতো ক্ষুদ্ৰ ক্ষূদ্ৰ বাবে বিশ্লেষন কৰে আৰু এই বিশ্লেষন গৈ অৱশেষত সচাই হয় । কিন্তু নৱ প্ৰজন্মৰ ধাৰনাক বুজি পালেও আজিৰ যুগৰ নেতা পালি নেতাই বেচি গুৰুত্ব নিদিয়া যেন দেখা যায় । কিয়নো গুৰুত্ব দিলে সিহতৰ লোভ আক্ষাংশা যেন নাইকিয়া হৈ যাব। সেয়েহে কথাত হয়বৰ দিয়ে কিন্তু অৱশেষত আলাসৰ লাডু হৈ থাকে।
সমাজৰ আন কিছুমান নিতি ধাৰনাই যেন যুৱক সমাজক যেন গুৰুত্বহীনতা কৰি পেলাইছে। তাৰে এক উদাহৰন হল- আমাৰ সমাজৰ এটা নীতি আছে যে যিজন ডাঙৰ বা ধনি অকল সিহতৰ কথাও সঠিক। যদি কোনো এক ঠাইত কিবা সমস্যা হল তাত অকল সমাজৰ বয়োজ্যষ্ট সকলৰ কথাতে যেন বেচি গুৰুত্ব আনকি যুৱ সমাজক মাতিবলৈ সুযোগ দিয়া নহয়। কেতিয়াবা যদি কোনো যুবকে এচাম যুক্তি পূৰ্ণ কথা কয় তেন্তে সেই যুবক জনৰ মাতক গুৰুত্বহীন হিছাপে ধৰা হয়।
ফলত যুৱ সমাজৰ ৰাজনৈতিক অথচ সামাজিক গুৰুত্ব নাইকিয়া হৈ যাবলৈ ধৰে।
ইতিহাসৰ পৃষ্টা খুলিলে দেখা যায় যে-লাছিত বৰফুকনৰ পৰা আৰম্ভ কৰি অসম আন্দোলন অথচ ভাষা আন্দোলন লৈকে অসমৰ যুৱকৰ এক বিশাল উদাহৰনৰ ভাণ্ডাৰ পোৱা যাব।
কিন্তু নাপায় সিহতে কোনো এক বিশেস স্থান য’ত তেসেতৰ নেতৃত্ব চলে ।
আনক্ষেত্ৰত
ঐই যুৱকসকলৰ মনৰ ইচ্ছা আক্ষাংশাক কাঠি পেলায় সমাজৰ কিছু অজাত লোকসকলে।
যুৱক সকলে যিটো কৰিব খুজিছে তাৰ লালষা দেখুওৱাই বহু জৈষ্ট নেতাই সিহতক ব্যৱহাৰ কৰে কিন্তু অৱশেষত অকল সেই নেতা সকলৰ ইচ্ছাহে পূৰণ হয়। এই খিনিতে এটা প্ৰশ্ন মনত উদয় হব পাৰে যে,,কি যুৱ প্ৰজন্মই টকাৰ লালষা নকৰিবনে,? বা সিহনে দূৰ্নীতি নকৰিবনে,,?
ইয়াৰ ঊত্তৰ বাৰু কি,,?
হয় বহু যুৱ প্ৰজন্মই
দূৰ্নীতি কৰিব পাৰে । কিন্তু সিহতে ভালদৰে বুজি পায় জানে যে যদি আজি দূৰ্নীতি কৰে কেইদিনমান পিছত সেই যুৱ প্ৰজন্মই ভুক্ত ভুগি হব লাগিব। গতিকে নৱ যুৱ প্ৰজন্মই বাকি জেষ্ট নেতা সকলতকে অলপ হলেও কম দূৰ্নীতিৰ কথা ভাবিৱ বা কৰিব।
গতিকে সমাজৰ প্ৰতি বা দেশৰ আৰ্থিক অৱস্থাক লক্ষ্য ৰাখি মোৰ মতে দেশৰ শাখনবাৰ নৱ যুৱ প্ৰজন্মক দিয়াটো বাঞ্চনিয়
নাছিম আহমেদ।

Comments
Loading...