আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতা সামৰণি

0 112

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলা ছাত্ৰ সন্হাৰ আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতাখন কালি সফল সামৰণি পৰে৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত ৮, ৯ আৰু ১০ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে ‘আছু’ৰ শ্বহীদ যাদৱ সেনাপতি, দীপক শৰ্মা, ৰুবুল শইকীয়া আৰু অনুপ্ৰতীম শইকীয়া সোঁৱৰণীত অনুষ্ঠিত হয় আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতা৷ কালি সন্ধিয়া ৮ বজাত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়৷

চূড়ান্ত খেলখনত প্ৰতিদ্বন্দিতা কৰে নামৰুপ আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই৷ খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে৷ খেলৰ প্ৰথমাৰ্ধত ডিব্ৰুগড় ছাত্ৰ সন্থাই নামৰুপ আঞ্চলিক ছাত্ৰ সন্থাক প্ৰথম গল দি অগ্ৰগতি লাভ কৰে৷ খেলখনৰ দ্বিতীয়াৰ্ধত পুণৰ ডিব্ৰুগড় ছাত্ৰ সন্থাই দ্বিতীয়টো গল দি  ২-০ গলৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি খেলৰ সামৰণিলৈকে নামৰুপ আঞ্চলিক ছাত্ৰ সন্থাৰ দলটোৱে গল দিবলৈ সক্ষম নহ’ল৷

ফলত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই নামৰুপ আঞ্চলিক ছাত্ৰ সন্থাক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী সন্মান দখল কৰে৷ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গল ৰক্ষক সন্মান লাভ কৰে নামৰুপৰ অভিজিৎ বৰুৱা আৰু ডিব্ৰুগড়ৰ শংকৰ ভূমিজে৷ খেলখল পৰিচালনা কৰে ইন্দ্ৰ চেতিয়া, হেমন্ত গগৈ, বিনোদ চাংমাই আৰু জিতেন দত্তই৷ খেলৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানখনত সভাপতিত্ব কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি লিখন বৰুৱাই৷ বঁটা বিতৰণী অনুষ্ঠানত খেলখনৰ লগত সংগতি ৰাখি প্ৰকাশিত স্মৃতি গ্ৰন্থ উন্মোচন কৰে লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ দত্তই৷

উক্ত অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে আছুৰ চাৰিগৰাকী সাংগঠনিক শ্বহীদক শ্ৰদ্বাঞ্জলি জনাই বক্তব্য প্ৰদান কৰে৷ উক্ত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্হিত থাকে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ স্বাধীন ডেকাৰজা, আছুৰ সাংগঠনিক পৰিয়ালৰ পৰিয়ালবৰ্গ, অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন ড° সৃষ্টিধৰ দত্ত, সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, মদাৰখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিৰণ্য সেনাপতি, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা চিত্ৰকমল সন্দিকৈ, লাহোৱাল ফুটবল একাডেমীৰ সভাপতি কৃষ্ণ তামুলীৰ লগতে আছুৰ বিষয়ববীয়সকল৷ বঁটা বিতৰণী অনুষ্ঠানটো আঁত ধৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ বৰুৱাই৷

Comments
Loading...