ষষ্ঠ বাৰ্ষিক উমেশ গগৈৰ সোৱৰণি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ

খুমটাই বিকাশ যুৱ সংঘ জয়ী

0 79

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলা লাহোৱাল সমষ্টিৰ অন্তৰ্গত বকুল মাজগাঁৱস্থিত লাহোৱাল গ্ৰাম্য ক্ৰীড়া খেলপথাৰত দেওবাৰৰ পৰা ষষ্ঠ বাৰ্ষিক উমেশ গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। পুৱা পতাকা উত্তোলন কৰে লাহোৱাল ক্ৰীড়া সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ দত্ত, শ্বহীদ তৰ্পণ কৰে লাহোৱাল ফুটবল একাডেমি তথা উদযাপন সমিতিৰ সম্পাদক কৃষ্ণ তামুলীয়ে।

জিলা খনৰ মুঠ ৮ টা দলে অংশগ্ৰহণ কৰা খুমটাই যুৱ বিকাশ মঞ্চ (মৰাণ) বনাম ঘোঁৰামৰা ফুটবল ক্লাৱ। খেলখন পৰিচালনা কৰে ইন্দ্ৰজিৎ চেতিয়া, জীতেন দত্ত, অজয় চেতিয়া আৰু হেমন্ত গগৈয়ে। নিৰ্দিষ্ট সময়ত খেলখন অসমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ জৰিয়তে সমাপ্ত হয়। ট্ৰাইবেকাৰত খুমটাই যুৱ বিকাশ মঞ্চ‌ই ঘোঁৰামৰা ফুটবল ক্লাৱক ৫- ৪ গলৰ ব্যৱধানত পৰাস্ত কৰে। আজি ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘ বনাম বিহলঙনি চাহ বাগিচাৰ মাজত অনুষ্ঠিত হ’ব।

Comments
Loading...