পঞ্চায়ত নিৰ্বাচনত গণশক্তিৰে মিত্ৰতা বিজেপিৰ

0 138

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনলৈ মাজত বাকী আছে মাত্ৰ দুটামান দিন। ইতিমধ্যে অগপৰ আৰু বিজেপিৰ মিত্ৰতাৰ জল্পনা কল্পনা ইতি পৰিছে। অগপৰ সৈতে মিত্ৰতা চূড়ান্তভাৱে বিফল হোৱাৰ পিছত এইবাৰ বিজেপিয়ে ৰাজ্যৰ জনগোষ্ঠীয় দলসমূহৰ সৈতে মিত্ৰতাৰ জাল পাতিছে। মিচিং জনগোষ্ঠীৰ ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ সৈতে বিজেপিৰ মিত্ৰতা চূড়ান্ত হৈছে। এই কথা সোমবাৰে ব্যক্ত কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পঞ্চায়ত নিৰ্বাচনত সন্মিলিত গণশক্তি অসমৰ প্ৰাৰ্থীয়ে নিজৰ প্ৰতীক চিহ্ন এৰি বিজেপৰ পদুম ফুলৰ চিহ্নত খেলিব নিৰ্বাচন। শেহতীয়াকৈ ৰাজ্যৰ অন্যতম জনগোষ্ঠী তিৱা আৰু ৰাভাৰ সৈতেও মিত্ৰতাৰ সন্দৰ্ভত আলোচনা অব্যাহত থকা বুলি জানিব পৰা গৈছে।

Comments
Loading...