ৰাজু চাহু আৰু দিগন্ত হাজৰিকাক ‘নপতা ৰজা’ আখ্যা বিধায়ক বিনোদ হাজৰিকাৰ

0 322

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাত্ আকৰ্ষণীয় হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ যুঁজখন। পিছ পৰি ৰোৱা নাই চাবুৱা বিধানসভা সমষ্টিও। আৰম্ভ হৈছে বোকা ছটিওৱা ৰাজনীতি। এইবাৰ বিধায়ক বিনোদ হাজৰিকাই আক্ৰমণৰ লক্ষ্য কৰি ললে কংগ্ৰেছৰ এজন প্ৰভাৱশালী যুৱ নেতা তথা এ পি চি চিৰ সদস্য দিগন্ত হাজৰিকা আৰু প্ৰাক্তন বিধায়ক ৰাজু চাহুক। দেওবাৰে ডিব্ৰুগড় ৰাজীৱ ভৱনত সংঘটিত হোৱা দলীয় অন্তৰ্কন্ধলকে মূল নিৰ্বাচনী ইচ্ছ্যু হিচাবে গ্ৰহণ কৰিলে বিধায়ক বিনোদ হাজৰিকাই।

আজি ‘চাবুৱা লাইভ’ৰ আগত বিধায়ক বিনোদ হাজৰিকাই প্ৰাক্তন বিধায়ক ৰাজু চাহু আৰু প্ৰদেশ কংগ্ৰেছৰ সদস্য দিগন্ত হাজৰিকাক ‘নপতা ৰজা’ৰ আখ্যা দি ক্ষুৰধাৰ সমালোচনা কৰে। আমাৰ সাংবাদিকৰ আগত বিধায়ক হাজৰিকাই কয় যে, ‘তেওঁলোকে প্ৰাৰ্থীৰ টিকটক লৈ নিজৰ মাজতে কন্দল লাগি আছে। তাৰ মাজতে আমাৰ কাম কৰিবৰ কাৰণে সুবিধা হৈছে। দুটা দিনৰ ভিতৰতে আমাৰ বহুত কাম হয়। তেওঁলোকে আজি এমাহমানৰ পৰাই টিকটক লৈ কাজিয়া কৰি আছে। ইয়াৰ সুবিধা লৈ আমাৰ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰি তুলিছো। সেই বাবে এইবাৰ আমি ভাল ফলাফল পাম। ১৬ খন গাঁও পঞ্চায়ততে আমাৰ দখলত থাকিব।’

অসম গণ পৰিষদক লৈ বিধায়ক হাজৰিকাই কয়, ‘সাম্প্ৰতিক সময়ত চাবুৱাত অসম গণ পৰিষদৰ ভেঁটি সৱল নহয়। আগন্তক দিনত হয়তো দলটো শক্তিশালী হ’ব পাৰে সেই পৰৱৰ্তী সময়তহে দেখা যাব। বৰ্তমান তেওঁলোকৰ ভেঁটি ভাল নহয়। সেইবাবে অসম গণ পৰিষদ আমাৰ বাবে ফেক্টৰ নহয়।’

Comments
Loading...