পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশঃ টিকট বঞ্চিত প্ৰাৰ্থীৰ ক্ষোভ

0 394

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড়ত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ঢৌ। এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ঢৌ। পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তাৰ মাজতে পূৰ্ণ গতিত চলাইছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি। ইপিনে লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৭ খন পঞ্চায়ত কংগ্ৰেছৰ দখলত আছিল আৰু বৰ্তমান ৰাজ্য শাসনত থকা বিজেপিয়ে নিজ দলৰ দ্বাৰা পঞ্চায়ত দখল কৰাৰ বাবে উঠি পৰি লাগিছে। এইক্ষেত্ৰত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, দলটোৰ লাহোৱাল মণ্ডলৰ সভাপতি সঞ্জয় হাজৰিকাকে প্ৰমুখ্য কৰি দলটোৰ তৃণমূল কৰ্মীয়ে দিনে ৰাতিয়ে কাম কৰা দেখিবলৈ পোৱা গৈছে। দলটোৰ বহু কৰ্মীয়ে গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে আবেদন কৰিছিল আৰু তাৰ মাজৰ পৰাই চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ লগে লগে দলটোৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।দাবীদাৰ সকলে এতিয়া চিপৰাং মৰা ৰাজনীতি কৰি কংগ্ৰেছ অথবা অসম গণ পৰিষদ দলক সহায় কৰাৰো ইংগিত বহন কৰিছে।

১৭ খন পঞ্চায়তৰ ভিতৰত দলটোৱে ১২ নৱেম্বৰৰ নিশা ১৩ খন পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ নাম ঘোষণা কৰিছে। ঘোষিত তালিকা অনুসৰি লাহোৱাল পঞ্চায়তৰ সভাপতি পদৰ বাবে কল্পনা চাহু, এপি দিগন্ত নেওগ, বকুলৰ ৰেখামনি বৰুৱা, এপি কল্পনা তেলি, টিমনাৰ প্ৰাঞ্জল চাংমাই, এপি উৰ্শ্বিলা মুণ্ডা, মদাৰখাতৰ মাংৰা মাঝি, এপি ববী গগৈ, ৰমাই আৰতি চেতিয়া, এপি এতিয়াও ঘোষণা কৰা নাই, চিৰিংহোলা কুমুদ দত্ত, এপি বিভাৰাণী গগৈ, মাইজানৰ জীতেন গোৱালা, এপি জীৱন তাঁতী, নিজ কানাইৰ জ্যোতি মেচ, এপি নিৰ্মল মুণ্ডা, ফুকনৰখাতৰ লুপি দুৱৰা, এপি মইনামতি বক্তি, ইকৰাতলিৰ দীনেশ কোঁৱৰ, এপি গংগা তাঁতী,মহনবাৰীৰ ৰঞ্জন বৰুৱা, এপি অজয় পাটনায়ক, চিৰিং ডাইনিজানৰ মনোজ সোনোৱাল, এপি মণিকা দেউৰী,দুলিয়া কাকতিৰ অনুপমা হাজৰিকা বৰা,এপি বিশ্বজিত ঘটোৱাৰ ৰ নাম আনুষ্ঠানিক ভাৱে প্ৰাৰ্থী নিৰ্বাচনী কমিটিয়ে ঘোষণা কৰিছে। প্ৰাৰ্থীৰ নাম ঘোষনা কৰাৰ লগে লগে প্ৰাৰ্থীত্ব নোপোৱা সকলে ক্ষোভিত হোৱাই নহয় ঘৰ বিভীষণৰ ভূমিকাত অৱৰ্তীন হোৱাৰো আশংকা প্ৰকাশ কৰাই নহয় মুকলিকৈয়ে ব্যক্ত কৰিছে যিয়ে দলটোৰ বাবে শুভলক্ষণ নহয় বুলি মুকলি চৰ্চা হৈছে।

উল্লেখযোগ্য যে বাকী চাৰিটা পঞ্চায়তৰ প্ৰাৰ্থী নাম ঘোষনা নকৰাৰ মূলতে হল প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত আহি পৰা দুদুল্যমান অৱস্থা।এইবাৰ পঞ্চায়ত নিবাৰ্চন ভাৰতীয় জনতা পাৰ্টি বাবে হৈ পৰিব অগ্নি পৰীক্ষা কাৰণ পূৰ্ব লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ১৭ খন পঞ্চায়তৰ অধিকাংশই কংগ্ৰেছৰ দখলত আছিল।ভাৰতীয় জনতা পাৰ্টিয়ে পঞ্চায়ত দখলৰ বাবে সকলোবোৰ পদক্ষেপ গ্ৰহণ কৰাত কৃপনালি কৰা নাই আৰু ক্ষোভিত বঞ্চিত প্ৰাৰ্থী সকলক দলটোৱে আঞ্চলিক পঞ্চায়ত দখল কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বুজা বুজিৰে কাম কৰি যাবলৈ বিধায়ক গৰাকীয়ে কৰ্মী সকলৰ প্ৰতি আহ্বান জনাইছে।

আনহাতে কংগ্ৰেছ দলে বাতৰি লিখা পৰলৈকে প্ৰাৰ্থী তালিকা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা নাই যদিও টিকটৰ দাবীদাৰ সকলে নিজৰ নিজৰ দাবী সম্বলিত প্ৰচাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে।ৱাৰ্ড সদস্য সকলৰ নাম ঘোষণা কৰি দলটোৱে ইতিমধ্যে নমিনেচন দাখিলৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।অসম গণ পৰিষদ দলে এইক্ষেত্ৰত যোগ্য প্ৰাৰ্থী বিচাৰি হাবাথুৰি খাবলগীয়া হোৱাত আঞ্চলিকতাবাদী দলটোৰ ভেঁটি সম্পৰ্কে অনুমান কৰিব পাৰি। আনহাতে জিলা পৰিষদৰ সদস্য তালিকা সম্পূৰ্ণ হয় উঠিছে যদিও আনুষ্ঠানিক ভাবে ঘোষণা কৰা নাই।

Comments
Loading...