অগপৰ পিঠিত উঠিত বিধায়ক হৈছিল বিনোদ হাজৰিকাইঃ চাওক ভিডিঅ’

0 324

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বাবে অগপ কোনো ফেক্টৰ নহয় বুলি কৰা মন্তব্যৰ পিছতে উভতি ধৰিছে ৰাজ্যৰ অন্যতম আঞ্চলিক দল অসম গণ পৰিষদে। আঞ্চলিক দলটোৰে এগৰাকী তৃণমূল নেত্ৰীয়ে চাবুৱা লাইভৰ আগত বিধায়ক বিনোদ হাজৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বিধায়ক বিনোদ হাজৰিকাই অগপৰ পিঠিত উঠিহে প্ৰথমবাৰলৈ চাবূুৱা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হবলৈ সক্ষম হৈছিল। তেওঁ সেই কথা পাহৰি যোৱা উচিত্ নহয় বুলি সদৰি কৰে।

পঞ্চায়ত নিৰ্বাচনত অগপক লৈ শংকিত হৈ পৰিছে বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই। যিহেতু চাবুৱাত শক্তিশালী ৰূপত গঢ় লৈ উঠিছে আঞ্চলিক দল অসম গণ পৰিষদে। এই কথা আজি চাবুৱা লাইভৰ আগত ব্যক্ত কৰিছে দলটোৰ তৃণমূল কৰ্মীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমীয়া মানুহক ধ্বংস কৰিব বিচৰা বিজেপিৰ জাতিবিৰোধী স্থিতিক অসমৰ ৰাইজে কোনো ক্ষেত্ৰত পাহৰি নাযায় বুলি স্পষ্ট কৰে।

চাবুৱা সমষ্টিৰ ৮ খন পঞ্চায়ত দখলত থাকিব অগপৰ। আমি বিধায়ক বিনোদ হাজৰিকাক প্ৰত্যাহ্বান জনাইছো যে, যদি সাহস আছে আমাক হৰুৱাবলৈ চেষ্টা কৰক। ক্ষমতাৰ ৰাগীত মতলীয়া হৈ অগপৰ বিৰুদ্ধে আবুল-তাবুল মন্তব্য নকৰিবলৈকো বিধায়কগৰাকীক সঁকিয়নি দেছ।

Comments
Loading...