অগপৰ ৱাৰ্ড সদস্যৰ ঘৰে ঘৰে গৈ বিজেপিৰ ভাবুকিঃ শুনক অগপ নেতাৰ মন্তব্য

0 296

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজখন। বি্জেপিয়ে শাসনত থাকিলেও এইবাৰ নিৰ্বাচনত কোনে অধিক পঞ্চায়ত দখল কৰিব সেইয়া এতিয়াও চূড়ান্ত কৰিব পৰা নাই যদিও প্ৰতিটো ৰাজনৈতিক দলে তত্পৰ হৈ পৰিছে পঞ্চায়ত দখল কৰিবলৈ। একেদৰে অভিযোগ-প্ৰতিভিয়োগৰ মাজতে পাৰ হোৱাৰ পথত পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী।

চাবুৱা লাইভৰ আগত অসম গণ পৰিষদৰ নেতা নিপুল কোঁৱৰে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিজেপিয়ে অগপৰ ৱাৰ্ড সদস্য প্ৰাৰ্থীৰ ঘৰে ঘৰে গৈ বিভিন্ন প্ৰলোভন দি ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিতে বিজেপিৰ ভেঁটি ক্ৰমাত্ দুৰ্বল হৈ অহাৰ বাবে শংকিত হৈ অগপৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীক ভাবুকিৰ দৰে পন্থা গ্ৰহণ কৰাৰো অভিযোগ তুলিছে অগপৰ নেতাগৰাকীয়ে।

Comments
Loading...