কংগ্ৰেছৰ অভিযোগঃ গোপন বুজাবুজিৰে নিৰ্বাচন খেলিছে অগপ-বিজেপিয়ে

0 178

ডিজিটেল ডেস্কঃ গোপন বুজাবুজি কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে অগপ-বিজেপি। আজি এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই। আগন্তুক পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছৰ বাবে সুৱৰ্ণ সুযোগ বুলি মন্তব্য কৰি ভট্টাচাৰ্যই কয়, বিজেপি তথা মিত্ৰজোটক এশিকনি দিয়াৰ এয়াই উপযুক্ত সময়। আঢ়ৈ বছৰতে গণভিত্তি হেৰুৱাইছে বিজেপিয়ে। সেয়েহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাছিল। বৰ্তমান গাঁওসভাসমূহত বিজেপিয়ে ছিণ্ডিকেট গঢ়ি তুলিছে বুলিও অভিযোগ কংগ্ৰেছৰ মুখপাত্ৰজনৰ। অগপয়ো পূৰ্বতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা নাছিল। বিজেপি-অগপই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে বুলিও মন্তব্য ভট্টাচাৰ্যৰ।

বৰ্তমান কংগ্ৰেছৰ উত্থানত শংকিত অগপ-বিজেপি। সংবাদমেলত মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ। অধিকসংখ্যক গাঁও পঞ্চায়ত আৰু জিলা পৰিষদ কংগ্ৰেছেই গঠন কৰিব বুলিও মন্তব্য। বৰ্তমান পৰিৱেশ-পৰিস্থিতি দেখি বিজেপি হতাশ হৈছে। জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰি ভট্টাচাৰ্যই কয়, ছিণ্ডিকেটৰ ক’লাধন জয়ন্ত মল্লহঁতৰ হাতত আছে।

 

Comments
Loading...