বিধায়ক আৱাসত সাংসদ প্ৰদান বৰুৱা ? সাক্ষাত্ নিদিলে বিধায়কে।

0 401
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তত্পৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ। সমান্তৰালভাৱে শাসকীয় দল বিজেপিয়ে মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপৰ প্ৰাৰ্থীক নিৰ্বাচনী টোপ দিয়াৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত নিৰ্বাচনত অগপৰে বিজেপিৰ মিত্ৰতা নকৰে বুলি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে প্ৰতিটো পঞ্চায়তত দল দুটা প্ৰক্ষেপ কৰা হৈছিল নিজাববীয়াকৈ প্ৰাৰ্থী। কিন্তু পূৰ্বৰে পৰা অগপৰ ভেঁটি সৱল হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ প্ৰাৰ্থীসকলৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। বিশেষকৈ ধেমাজী জিলাৰ জোনাই বিধানসভা সমষ্টিত অগপৰ ভেঁটি আছিল অতি শক্তিশালী।
যাৰ ফলত বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল বিজেপিৰ প্ৰাৰ্থী। প্ৰকৃতাৰ্থত কবলৈ গলে অগপৰ বোকোচাত উঠি বিজেপিয়ে শাসনলৈ গাদী দখল কৰা বুলি সমষ্টিটোত সৰ্বত্ৰে চৰ্চা চলিছে। শেহতীয়াকৈ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত চিচিবৰগাঁও পঞ্চায়তত অগপৰ প্ৰাৰ্থীক বিভিন্ন প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ এগৰাকী প্ৰতিষ্ঠাপক নেতাই অগপত যোগদান কৰি অগপৰ হৈ প্ৰতিদ্বন্ধিতা কৰা প্ৰাৰ্থীগৰাকীক বিভিন্ন পদবীৰ লালসা দেখুৱাই অগপক দুৰ্বল কৰি তোলাৰ ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে। কিন্তু বিজেপিৰ সেই লালসাত নস্যাত্ কৰাৰ পৰিপ্ৰেক্ষিতত লক্ষিমপুৰৰ অগপৰ বিধায়কক  আজি পুৱাতে সাক্ষাত কৰিবলৈ গৈছিল সাংসদ প্ৰদান বৰুৱাই।
প্ৰত্যাক্ষদৰ্শীয়ে জানিবলৈ দিয়ামতে সাংসদ প্ৰদান বৰুৱাই স্পৰ্ট পেন্ট আৰু ধোঁৱা ৰঙৰ টি চাৰ্ট পৰিধান কৰি বিধায়ক উত্পল বৰুৱাৰ দিছপুৰ বিধায়ক আৱাসত আজি পুৱা প্ৰায় ৯.৩০ বজাত এজন সতীৰ্থৰ সৈতে উফস্থিত হৈছিল যদিও বিধায়কগৰাকীয়ে অতি কৌশলগতভাৱে সাক্ষাত্ নিদিলে সাংসদগ.ৰাকীক। সাংসদ বৰুৱাই অগপৰ প্ৰাৰ্থীগৰাকীৰ হস্তক্ষেপ বিচাৰি বিধায়ক দত্তক সাক্ষাত্ কৰিবলৈ যোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে সংবাদ-মাধ্যমৰ আগত ব্যক্ত কৰিছে। শেহতীয়াকৈ বিজেপিৰ সাংসদগৰাকীৰ এই কাৰ্যই সমষ্টিটোত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে চাবুৱাত অগপৰ এজন নেতাই প্ৰাৰ্থীৰ ঘৰে ঘৰে গৈ ৰেচন কাৰ্ড বা অন্যান্য চৰকাৰী আঁচনি কৰ্তন কৰাৰ বাবে বিজেপিয়ে ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল।
Comments
Loading...