পঞ্চায়তৰ প্ৰাৰ্থী প্ৰদানৰ নামত চলিছে ধনৰ অংক!

0 94

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ ধনৰ বিনিময়ত যোগ্য ব্যক্তিক বঞ্চিত কৰি অযোগ্য ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ নেতা কৰ্মীয়ে আজি সন্ধিয়া বাঙালীপাৰা বজাৰৰ মাজ মজিয়াত কংগ্ৰেছ নেতা ওৱাজেদ আলী চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰে। চৌধুৰীয়ে মোটা অংকৰ বিনিময়ত আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ সভাপতি দুৰ্নীতিৰ সম্ৰাট নুৰ ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।

 এইবাৰ পঞ্চায়ত নিৰ্বাচনত আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ ভোটাৰে দুৰ্নীতিগ্ৰস্থ পঞ্চায়তৰ কংগ্ৰেছ দলৰ  সভাপতি নুৰ ইছলাম বিপৰীতে ভাল এজন সভাপতি নিৰ্বাচিত কৰিব বুলি আশা কৰিছিল। সেই আস্থাৰে কেইবাগৰাকী ব্যক্তিয়ে পঞ্চায়ত খনত প্ৰাৰ্থীত্ব প্ৰত্যাশিত ৰূপে অৱতীৰ্ণ হৈছিল। কিন্তু কংগ্ৰেছ দলে নীতি নিয়ম পৰিহাৰ কৰি ১২ লাখ  টকাৰ বিনিময়ত টিকট বিক্রী কৰাৰ অভিযোগ তুলিছে।

কংগ্ৰেছৰ এনে কাণ্ডত পঞ্চায়তবাসী ৰাইজে ক্ষোভিত হৈ বিভিন্ন শ্লো’গানেৰে উত্তাল কৰি  তোলাৰ লগতে ওৱাজেদ আলী চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰে আৰু পুনৰ বিবেচনা কৰি যোগ্য ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবী জনায়। অন্যথা সকলো ৰাইজে একত্রিত হৈ আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ লগতে ওচৰে পাজৰে সকলো পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক পৰাস্ত কৰিব বুলি কংগ্ৰেছৰ হাই কামাণ্ডক সঁকিয়াই দিয়ে।

Comments
Loading...