গড় হত্যাত জড়িত পঞ্চায়ত প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ নিৰ্দেশ ৰিপুন বৰাৰ

0 117

গুৱাহাটীঃ গড় হত্যাত জড়িত থকাৰ অভিযোগত গোচৰ চলি থকা কংগ্ৰেছৰ এজন প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ নিৰ্দেশ দিছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। বিশ্বনাথ জিলাৰ চোৱাগুৰি গাওঁ পঞ্চায়তৰ কংগ্ৰেছৰ সভাপতি পদৰ  প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে গড় হত্যাত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ পিছতে চলোৱা হৈছিল প্ৰাথমিক তদন্ত।

ইয়াৰ পিছতে আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়া বুলি অসম প্রদেশ কংগ্রেছ কমিটিৰ মুখপাত্র ঋতুপর্ণ কোঁৱৰে জানিবলৈ দিছে। 

  

 

Comments
Loading...