মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি কঁপালে মটক যুৱ-ছাত্র সন্মিলনে:

জনজাতিকৰণৰ দাবীত বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন

0 499

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনজাতিকৰণৰ দাবীত মটক জনগোষ্ঠীক প্ৰৱঞ্চনাৰ অভিযোগ তুলি শনিবাৰে মুখ্যমন্ত্ৰী সোণোৱালৰ গৃহ সমষ্টি উত্তাল কৰি তোলে মটক যুৱ-ছাত্ৰ সন্মিলনে।

৮ অাগষ্টৰ পৰা জনজাতিকৰণৰ দাবীত অাৰম্ভ কৰা বাইক ৰেলী কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে চাবুৱাৰ ৰজাবাৰী, চেতিয়াপথাৰৰ লগতে বিভিন্ন পঞ্চায়ত এলেকাত মটৰ চাইকেলেৰে পৰিভ্ৰমণ কৰাৰ লগতে গাঁও সভা অনুষ্ঠিত কৰি কেন্দ্ৰীয় অাৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা উদয় শংকৰ মোহন আৰু সহকাৰী সম্পাদক দেৱঋষি চেতিয়াৰ নেতৃত্বত ৰূপায়ন কৰা এই কাৰ্যসূচীৰ জৰিয়তে জনজাতিকৰণৰ নামত কেন্দ্ৰীয় অাৰু ৰাজ্য চৰকাৰে নিকৃষ্ট ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে।

শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা ত্রিপাক্ষিক বৈঠকত কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত কোনো স্পষ্ট স্থিতি ঘোষণা নকৰিলে বুলি উল্লেখ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। গতিকে মটক জনগোষ্ঠী জনজাতিকৰণ নোহোৱা পৰ্যন্ত সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ অান্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি ঘোষণা কৰে। আনহাতে অনুষ্ঠিত হোৱা উক্ত প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰি ত্রুমে- সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ বিও সম্পাদক ৰুবুল বুঢ়াগোহাঁই, ত্রুীড়া সম্পাদক গিৰিণ চেতিয়া, সাংগঠনিক সম্পাদক হৰিকান্ত দুৱৰা, অমলেন্দু ফুকন, ৰূপজ্যোতি বুঢ়াগোহাঁইকে ধৰি কেন্দ্ৰীয় সমিতিৰ অান অান বিষয়ব্বীয়াসকলে কেন্দ্ৰীয় অাৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায়। তদুপৰি উক্ত সভাত মটক যুৱ-ছাত্র সন্মিলনৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বৰ্তমানৰ বিষ্ণুজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কনৌজ শইকীয়া,শাস্ত্রীজি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত চেতিয়া, ডিব্ৰুগড় নৱজাগৃতি সংঘৰ উপদেষ্টা তাৰিণী চেতিয়া অাৰু গহিন দত্তকে ধৰি অান কেইবাজনো লোকে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিৰূপম দুৱৰা অাৰু সাধাৰণ সম্পাদক মুকুন্দ মাধৱ বুঢ়াগোহাঁইৰ নেতৃত্বত প্ৰায় শতাধিক প্ৰতিনিধিয়ে মটৰ চাইকেলেৰে শুভাযাত্রা কৰি বকুল মাজ গাঁৱৰ পিছত লাহোৱাল পাত্র গাঁও, মোহনবাৰী, ৰহমৰীয়াৰ বিভিন্ন অঞ্চল পৰিভ্ৰমন কৰি ধোপাবৰ মাইজানত উপস্থিত হৈ একোখনকৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰে। ইয়াৰ মাজতে অহা ৮ চেপ্টেম্বৰত বিমানবন্দৰ অৱৰোধ অাৰু ২৭ অক্টোবৰত গুৱাহাটীত নাগৰিক সভা অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।

Comments
Loading...