আই পি এলত চুক্তিবদ্ধ অসমৰ ৰিয়ান পৰাগ

0 214

ডিজিটেল ডেস্কঃ অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। আই পি এলত চুক্তিবদ্ধ হৈছে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েল্ছে ক্ৰয় কৰিলে অসমৰ অলৰাউণ্ডাৰজনক।ৰিয়ানক ২০ লাখ টকাত ক্ৰয় কৰিছে ৰাজস্থান ৰয়েল্ছে।

আবু নেছিম আহমেদৰ পিছত আই পি এলত চুক্তিবদ্ধ হোৱা ৰিয়ান দ্বিতীয়গৰাকী অসমীয়া ক্ৰিকেটাৰ। উল্লেখ্য যে ১৯ অনুৰ্ধ্ব বিশ্বকাপত খেলিছিল ৰিয়ান পৰাগে। ইপিনে ৰিয়ানৰ প্ৰদৰ্শনক লৈ সম্পূৰ্ণ আশাবাদী ৰাহুল দ্ৰাবিড়।

Comments
Loading...