বাজপেয়ীৰ মৃত্যুত কোজৰাজবংশী সন্মিলনী আৰু সাহিত্য সভাৰ শোক প্ৰকাশ

0 96

১৭ আগষ্ট :– ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আধুনীক ভাৰতবৰ্ষৰ স্বপ্ন দ্ৰষ্টা অটল বিহাৰী বাজপেয়ীৰ মহা প্ৰয়ানত কোজৰাজবংশী সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে । কোজৰাজবংশী সাহিত্য সভাৰ সভাপতি ডঃ দ্বিজেন্দ্ৰ নাথ ভকত আৰু কমল কুমাৰ বৰ্মন স্বাক্ষৰিত বাতৰি কাকতলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তীখনত উল্লেখ্য কৰে যে ৰাষ্ট্ৰঃ নায়ক গৰাকীৰ মহা প্ৰস্তানত ভাৰতবাসীয়ে এগৰাকী প্রকৃত অভিভাৱক হেৰুৱালে । তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনাৰে ঈশ্বৰৰ ওপৰত প্ৰাৰ্থনা জনাইছে কোজৰাজবংশী সাহিত্য সভাই । আনহাতে , ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আধুনীক ভাৰতবৰ্ষৰ স্বপ্ন দ্ৰষ্টা অটল বিহাৰী বাজপায়ীৰ মহা প্ৰয়ানত সদৌ অসম কোজৰাজ বংশী সন্মিলনীৰ তৰফৰ পৰাও গভীৰ শোক প্ৰকাশ কৰে লগতে তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনাৰে ঈশ্বৰৰ ওপৰত প্ৰাৰ্থনা কৰে ।

Comments
Loading...