স্বাগতম-২০১৯

0 164

চাওঁতে চাওঁতে পাৰ হৈ গল আকৌ এটা বছৰ। ঘাত-প্ৰতিঘাতৰ মাজেৰে বিদায় দিলে ২০১৮ক। আকৌ নতুন উদ্যমেৰে আজিৰে পৰা আৰম্ভ হব ২০১৯ৰ নতুন বৰ্ষ। আজিৰে পৰা নতুন সংকল্প-সম্ভাৱনাৰ প্ৰত্যাশাৰে উদয় হ’ল ২০১৯ৰ ন সুৰুয। ৰাজ্যজুৰি ইংৰাজী নতুন বৰ্ষক আঁদৰিবলৈ চলিছে বিভিন্ন ধৰণৰ আয়োজন। নিশা ১২ বজাৰ লগে লগে আতচবাজীৰ শব্দৰে মুখৰ হৈ পৰিল ৰাজ্যৰ আকাশ-বতাহ। নতুন বছৰক আদৰণি জনাবলৈ ৩১ ডিচেম্বৰৰ নিশা ঠায়ে ঠায়ে অনুষ্ঠিত হ’ল বিশেষ কাৰ্যসূচীৰ। ইজনে-সিজনক শুভেচ্ছা জনোৱাৰ লগতে বছৰটোৰ মংগল কামনাৰে নেদেখাজনৰ আশিস ল’বলৈ পুৱাই মন্দিৰ-নামঘৰত ভক্তৰ ভিৰ কৰিছে।

২০১৮ বছৰটোত আছিল অসমৰ বাবে এক প্ৰত্যাহ্বানমূলক বৰ্ষ। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰি অসমত লাখ লাখ হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে নামি পৰিছিল কুটীল ষড়যন্ত্ৰত। হিন্দু বাংলাদেশীক সংস্থাপনেৰে অসমৰ অসমীয়াক নিঃশেষ কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিল প্ৰতিবাদৰ ঢৌ। বিশেষকৈ কৃষক নেতা অখিল গগৈৰ নেতৃত্বত ৰাজ্যৰ ৭০ টা জাতি-জনগোষ্ঠীয় সংগঠনে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

বিভিন্ন ঘটনা-পৰিঘটনাৰ মাজেৰে আজি বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে অসমেও স্বাগতম জনালে ইংৰাজী নৱবৰ্ষক। বছৰটোৰ পহিলা জানুৱাৰীৰ প্ৰথম দিনটোত ভোজ-ভাতেৰে নতুন বছৰটোক আদৰিলে ৰাজ্যবাসীয়ে। এইদৰে ন ন পৰিকল্পনা, সংকল্পৰে আমি চাবুৱা লাইভ ডট কমৰ তৰফৰ পৰা আদৰিছো ইংৰাজীৰ নতুন বৰ্ষক। স্বাগতম ২০১৯।

 

Comments
Loading...