লোকসভা নিৰ্বাচনঃ আকৌ অসমলৈ মেজিক দেখোৱাবলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

0 113

ডিজিটেল ডেস্কঃ সন্মুখত লোকসভা নিৰ্বাচন। ককালত টঙালি বান্ধিছে শাসকীয় দল বিজেপিয়ে। এমাহত এশখন জনসভাত অংশগ্ৰহণ কৰাৰ সংকল্পৰে আজিৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰণশিঙা লোকসভা নিৰ্বাচনৰ। উত্তৰ–পূবাঞ্চলৰ পৰাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আজি মনিপুৰ, শিলচৰ আৰু ইম্ফললৈ আহিব প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰথমে মণিপুৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। ইম্ফলৰ হাপ্টা কাংজেইবাঙত এখন জনসভাত ৮টা প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব আন চাৰিটা প্ৰকল্প। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ৰাজ্যখনত বন্ধৰ আহ্বান জনাইছে ক’ৰকমে।

মণিপুৰত অনুষ্ঠান সামৰি শিলচৰলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী। শিলচৰত লোকসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজাব মোদীয়ে। ৰামনগৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মোদীৰ আগমনক লৈ শিলচৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।

Comments
Loading...