SAS ক শ্ৰেষ্ঠ সামাজিক, শৈক্ষিক, গৱেষণা কৰা সংস্থা হিচাপে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান ।

0 146

 

আন্তঃৰাষ্ট্ৰীয় সংস্থা এন এফ পি এছ ৰ উদ্যোগত আজি হায়দেরবাদৰ হৰি হাৰ কলা ভৱনত আন্তৰাষ্ট্ৰীয় ফাৰ্মাচি সন্মিলন অনুষ্টিত হয় যত নেকি বিশ্বৰ কেইবাটাও দেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহু গৱেষক, বৈজ্ঞানিক, ডক্টৰ লগতে গৱেষণা ক্ষেত্ৰত অৰিহণা যোগোৱা বহু লোক উপস্থিত থাকে। উক্ত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত নিমন্ত্ৰণ লাভ কৰা হোজাই জিলাৰ গৌৰৱ তথা গৱেষণা তথা জাৰ্ণাল প্ৰকাশ কৰা সামাজিক সংস্থা SAS SOCIETY ৰ সঞ্চালক প্ৰধান ডঃ হাবিবোৰ ৰহমান । উক্ত সন্মিলনত বিশ্বৰ বিভিন্ন লোকসকলক ৩৯টা বিশেষ বিভাগত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় যত নেকি হোজাইৰ সামাজিক সংস্থা SAS ক শ্ৰেষ্ঠ আন্তৰ্জাতিক পৰ্যায়ত জাৰ্নেল , সমাজ সেৱা তথা শিক্ষাৰ ক্ষেত্ৰত অৱদানৰ বাবে শ্ৰেষ্ঠ সামাজিক সংস্থা বুলি বঁটা প্ৰদান কৰা হয়। বঁটা সংগ্ৰহ কৰি সঞ্চালক প্ৰধান হাবিবোৰ ৰহমানে ভাষণত কয় যে অসমৰ হোজাই জিলাৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত জাৰ্ণাল প্ৰকাশ কৰা সহজ কথা নহয় যদিও ৰাইজৰ সহযোগত আৰু হোজাই বাসীৰ আৰ্শীবাদত আজি SAS এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি হোজাই গৌৰৱ হাবিবোৰ ৰহমানে সন্মিলনত অহা বিশিষ্ট অথিতি সকলক অসমৰ সন্মান অসমীয়া ফুলাম গামোচাৰে তেখেত সকলক সম্বৰ্ধনা জনায় । SAS ৰ এই সফল্যত আজি হোজাই SAS ৰ কাৰ্য্যলত আনন্দৰ জোৱাৰ উঠে।

Comments
Loading...