এন এছ চি এন(কে)ৰ মুখ্য কাৰ্যালয় দখলত ম্যানমাৰ সেনাৰ

0 151

ডিজিটেল ডেস্কঃ ম্যানমাৰৰ নগা অধ্যুষিত চাগাইঙৰ খামটি জিলাৰ দুৰ্গম অঞ্চলত অৱস্থিত এন এছ চি এন(কে)ৰ মুখ্য কাৰ্যালয়ত ম্যানমাৰ সেনাই দখল কৰাৰ বাতৰিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইপিনে যোৱা ২৯ জানুৱাৰীত ম্যানমাৰ সেনাই এন এছ চি এন (কে)ৰ কাৰ্যালয় দখল কৰা বাতৰি সত্য বুলি আনুষ্ঠানিকভাবে নিশ্চিত কৰিছে বিদ্রোহী সংগঠনটোৰ এক শীৰ্ষ সূত্রই।

আনহাতে এই অঞ্চলতে আলফাৰো তিনিটা বৃহৎ শিবিৰ আছে বুলি ম্যানমাৰ সামৰিক মুখপত্রই সদৰি কৰিছে।অচিৰেই এই শিবিৰবোৰো উচ্ছেদ কৰা হ’ব বুলি জনাইছে দেশখনৰ সেনা সূত্রই।

আনহাতে এন এছ চি এন(কে)ৰ ওপৰত হোৱা অতৰ্কিত আক্রমণে চাগাইঙ আঞ্চলিক চৰকাৰৰ সৈতে ২০১২ বৰ্ষৰ ৯ এপ্রিলত সংগঠনটোৰে হোৱা দ্বিপাক্ষিক শান্তি চুক্তি ভংগ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিদ্রোহী সংগঠনটোৱে ।শনিবাৰে দুদিনীয়া ভ্রমণ সূচীৰে ভাৰতৰ সেনা প্রধান বিপিন ৰাউটৰ নাগালেণ্ড সীমান্ত ভ্রমণ আৰু আনহাতেদি, ম্যানমাৰত উত্তৰ-পূৱৰ বিদ্রোহীৰ ওপৰত অতৰ্কিত আক্রমণৰ ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে।

Comments
Loading...