ভেজাল খাদ্য মহানগৰীৰ ৰেষ্টুৰেন্টতঃ বন্ধৰ নিৰ্দেশ

0 77

ডিজিটেল সংবাদ, মহানগৰঃ গুৱাহাটী মহানগৰীৰ হোটেল, ৰেষ্টুৰেন্টৰ বিৰুদ্ধে বেজাল খাদ্য যোগানৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ থকাৰ সময়তে সোমবাৰে সাতদিনৰ বাবে বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। মহানগৰীৰ লাচিতনগৰস্থিত কস্তুৰী ৰেষ্টুৰেন্ট আৰু শিলপুখুৰীস্থিত কুইক পি ৰেষ্টুৰেন্টখনৰ বিৰুদ্ধে গ্ৰাহকে বিভিন্ন অভিযোগ উত্থাপন কৰিছে।

ইপিনে গ্ৰাহকৰ অভিযোগৰ পিছতে খাদ্য সুৰক্ষা বিভাগে তাতক্ষণিকভাৱে অভিযান আৰম্ভ কৰে। লাচিতনগৰস্থিত কস্তুৰী ৰেষ্টুৰেন্টখনত গ্ৰাহক সুৰক্ষা বিভাগৰ এটা দলে অভিযান চলাই ম্যাদ ওকলা চাটুগুৰিৰ নমুনা সংগ্ৰহ কৰি লৈ যায়। একদৰে খাদ্যত পঁইতাচোৰা পোৱাৰ অভিযোগত শিলপুখুৰীস্থিত কুইক পি ৰেষ্টুৰেন্টখনতো বিভাগটোৱে অভিযান চলায়। ইয়াৰ পিছতে বিভাগে ৰেষ্টুৰেন্ট দুখন অহা ৭ দিনলৈ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

Comments
Loading...