ৰাষ্ট্ৰীয় চাইক্লিঙত উজলিল অসম কন্যা গংগোত্ৰী

0 198

ডিজিটেল বিশেষ সংবাদ, ৰহাঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিকভাৱে অসমীয়া সন্তানে খ্যাতি অৰ্জন কৰি থকাৰ সময়তে আন এগৰাকী অসম জীয়ৰীয়ে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত National Track Cycling Championত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অংশগ্ৰহণ কৰি উজ্বলি উঠা জীয়াৰীগৰাকী হৈছে ৰহাৰ কটহগুৰিৰ গংগোত্ৰী বৰদলৈ৷

ৰাজস্থানৰ জয়পুৰত সদ্য সমাপ্ত National Track Cycling Championshipৰ ১৬ আৰু ১৮ অনুৰ্ধৰ প্ৰতিযোগীতাত অংশগ্ৰহন কৰি দেশৰ ভিন্ন ৰাজ্যৰ প্ৰতিযোগীক পৰাস্ত কৰি গংগোত্ৰীয়ে দুটাকৈ ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়৷ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা গংগোত্ৰী নিজ বাসগৃহত উপস্থিত হোৱাৰ পাছত আজি বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ফুলাম গামোছা, ফুলৰ থোপা আদিৰে উষ্ম আঁদৰণি জনায়৷

Comments
Loading...