দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

0 77

ডিজিটেল বিশেষ সংবাদ, ৰহাঃ মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলক লৈ গঠন কৰা নতুন সমিতি খনে বৃহস্পতিবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে। পূৰ্বৰ পুৰণা সমিতি খন ভংগ কৰি বিজেপিৰ দখললৈ অহা নতুন সমিতি খনে কাৰ্যভাৰ গ্ৰহণ সভাখনত সভাপতিত্ব কৰে নৱ নিৰ্বাচিত সভাপতি পলাশ মেধিয়ে।

পঞ্চায়ত খনৰ সচিব টংকেশ্বৰ কলিতাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনিত আঞ্চলিক পঞ্চায়তৰ সদস্যা ডিম্বেশ্বৰী পাতৰ দাস,বিজেপি দলৰ পঞ্চায়ত সদস্যা সুমতী দাস (উপসভাপতি), ৰূপালী মেধি, জানমনি দাস, চন্দন শৰাই, শ্যামন্ত মেধি, ৰমেন টেৰণ, কংগ্ৰেছ দলৰ সদস্যা যমুনা বিশ্বাস দাস, এম ৰাজুল হুছেইন, ৰনজিতাৰা বেগম আৰু অগপৰ গম্ভীৰাম দাস উপস্হিত থাকে।

সভাত ধৰমতুল জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য পল্লৱ কুমাৰ বৰদলৈ সন্মানীয় অতিথি হিচাবে উপস্হিত থাকি পঞ্চায়তখনৰ সৰ্বাংগীন উন্নয়নৰ দিশত পঞ্চায়তৰ সদস্য সকলে কাম কৰি যাবলৈ আহ্বান জনায়।সভাত মৰিগাঁও জিলাৰ বিজেপিৰ সভাপতি ধৰনীধৰ বৰদলৈ, নৃসিংহ হাজৰিকা, অপূৰ্ব ডেকা, দূৰ্ল্লভ ডেকাই চমু বক্তব্য প্ৰদান কৰে। বিজেপিৰ মৰিগাঁও জিলাৰ বিজেপি যুৱ মৰ্চাৰ উপ-সভাপতি শুভজিৎ শইকীয়া, সম্পাদক কমলেশ্বৰ ডেকাসহ বিশিষ্ট‌ ব্যক্তি সকল উপস্হিত থকা সভাখনৰ কাৰ্যসূচীৰ আঁত ধৰে সচিব টংকেশ্বৰ কলিতাই।

Comments
Loading...