যিকোনো বিনিময়ত গৃহীত কৰিব জাতিধ্বংসী বিধেয়ক

0 147

ডিজিটেল ৰিপ’ৰ্টঃ যিকোনো বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। আজি এই কথা সদম্ভে ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। লক্ষীমপুৰত অনুষ্ঠিত হোৱা বিজেপিৰ যুৱ সমাৰোহত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বিজেপি বদ্ধ পৰিকৰ বুলি উল্লেখ কৰে।
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বুলিও উল্লেখ কৰে। ইপিনে এই সভাতে বহু বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰা সকলক সমালোচনা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে।
উল্লেখ্য অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দল-সংগঠনে বিধেয়কখন বিৰোধিতা কৰাৰ পিছতে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কৰা মন্তব্যই ৰাজ্যত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনতাৰ প্ৰতিবাদী কন্ঠক উপেক্ষা কৰি কেৱল ভোট বেংকৰ স্বাৰ্থত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ ওলোৱা বিজেপিৰ স্বেচ্ছাচাৰী সিদ্ধান্তৰ প্ৰভাৱ আগন্তক লোকসভা নিৰ্বাচনত পৰিব সেইয়া নুই কৰিব নোৱাৰি।

Comments
Loading...