বিশ্ব ক্ৰীড়াত আকৌ অসম সন্তানৰ কৃতিত্ব

0 102

ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰীড়াত পুনৰ উজলিল অসম সন্তান৷ বাংলাদেশৰ ৰাজধানী ঢাকাত ২২ ফেব্ৰুৱাৰীৰ পৰা চলি থকা বিশ্ব ৰেংকিং আর্চাৰী প্রতিযোগিতাত অংশগ্ৰহণ কৰি স্বৰ্ণপদক অৰ্জন কৰিলে অসম সন্তান বিশাল চাংমায়ে। দলীয় শাখা ৰিকাৰ্ভত ভাৰতীয় দলটোৱে শীৰ্ষস্থান দখল কৰে, য’ত অসমৰ বিশাল চাংমায়ো আছিল।

প্ৰতিযোগিতাখনত এয়া বিশালৰ দ্বিতীয়টো পদক। বাংলাদেশক পিছ পেলাই স্বৰ্ণপদক অৰ্জন কৰা ভাৰতীয় দলটোক বোকাখাতৰ বিশাল চাংমাইৰ লগতে হাৰিয়ানাৰ পৰশ হুদা আৰু ৰাজস্থানৰ কৰ্ণি সিং চৌহানে প্ৰতিনিধিত্ব কৰিছিল৷ দলীয় শাখাত স্বৰ্ণজয়ৰ পূৰ্বে বিশাল চাংমাই প্ৰতিযোগিতাখনৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক ৰাউণ্ডত ব্ৰঞ্জৰ পদক দখল কৰিছিল।

Comments
Loading...