দিল্লীত কংগ্ৰেছৰে চৰকাৰ হ’বঃ ৰাহুল

0 50

ডিজিটেল ডেস্কঃ ‘দিল্লীত কংগ্ৰেছৰ চৰকাৰ হ’বই। কোনেও ধৰি ৰাখিব নোৱাৰে কংগ্ৰেছক।’-গুৱাহাটীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠকতএইদৰে দাবী কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীয়ে। বৈঠকত ৰাহুলে আৰু কয় যে, ‘উত্তৰ-পূবৰ চিঞৰ দিল্লীলৈ লৈ যাব লাগিব। কংগ্ৰেছ এজন মানুহে চলোৱা দল নহয়। জিলা সভাপতি, ব্লক সভাপতিসকল দলটোৰ ৰাজহাঁড়। কংগ্ৰেছৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত মন্তব্য ৰাহুল গান্ধীৰ।

নিৰ্বাচনত কংগ্ৰেছৰ ইছ্যু হ’ব নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, দুৰ্নীতি, ৰাফেল চুক্তি আদি। এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুও ল’ব কংগ্ৰেছে। দিল্লীত চৰকাৰ আহিবই, কোনেও ৰাখিব নোৱাৰে কংগ্ৰেছক। মোদীৰ মেক ইন ইণ্ডিয়া বিফল হৈছে বুলিও মন্তব্য ৰাহুল গান্ধীৰ।

Comments
Loading...