সত্ৰ পুনৰুদ্ধাৰৰ এটা ডাঙৰ প্ৰকল্প হ’ব

0 72

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৈতে বাঘবৰৰ কনৰা সত্ৰ পৰিদৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰপেটাৰ লগতে ৰাজ্যৰ মৃতপ্ৰায় সত্ৰসমূহ উদ্ধাৰৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মৃতপ্ৰায় সত্ৰসমূহ কেনেকৈ সজাই পৰাই তুলিব পাৰি সেই বিষয়ে ৰাজ্য চৰকাৰে চিন্তা–চৰ্চা কৰি আছে। ৰাজ্য চৰকাৰে হাতত আঁচনিৰ পিছতে এই বিষয়ে বুজ ল’বলৈ কনৰা সত্ৰ পৰিদৰ্শন কৰা বুলি জনাইছে হিমন্ত বিশ্ব শৰ্মাই৷ কনৰা সত্ৰৰ ৪০ বিঘা মাটি বেদখলকাৰীৰ কবলত থকাৰ কথা প্ৰকাশ কৰে। সত্ৰৰ মাটিখিনি দখলমুক্ত কৰিব লাগিব আৰু তাৰ বাবে চৰকাৰৰ সদিচ্ছা থাকিব লাগিব বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্বই।

মন্ত্ৰী হিমন্তই আৰু কয় যে, ‘সত্ৰ পুনৰুদ্ধাৰৰ এটা ডাঙৰ প্ৰকল্প হ’ব। মৃতপ্ৰায় সত্ৰসমূহ পুনৰুদ্ধাৰৰ বাবে ৰাষ্টা–ঘাট নিৰ্মাণ। মানুহক ক’ত কেনেদৰে পুনৰসংস্থাপন কৰা হ’ব। সেই সম্পৰ্কে বহু বিশেষজ্ঞই কাম কৰি আছে। মইনবড়ী সত্ৰক লৈ মন্ত্ৰীগৰাকীয়ে কয় – মইনবড়ী সত্ৰখন তাতেই প্ৰতিষ্ঠা হ’ব লাগিছিল, কিন্তু মইনবড়ীত সত্ৰখন প্ৰতিষ্ঠা কৰাৰ পৰিৱেশ নথকাৰ বাবেই তাৰ পৰা সৰভোগলৈ স্থানান্তৰ কৰিবলগা হৈছিল। মইনবড়ী সত্ৰ নিজৰ স্থানলৈ যাব লাগিব বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। সৰভোগত ডাঙৰকৈ সত্ৰ হ’ব কিন্তু মইনবড়ীৰ চিনটো নোহোৱা হ’ব নোৱাৰে। ইপিনে বৰপেটা জিলাত ৰাজহ সংক্ৰান্তীয় বহু তথ্যৰ খেলিমেলি হোৱা বুলি মন্তব্য কৰিছে মন্ত্ৰী শৰ্মাই।

Comments
Loading...