চাকৰি কেলেংকাৰীঃ ৰাজ্যজুৰি জ্বলিল পঞ্চায়ত মন্ত্ৰীৰ প্ৰতিকৃতি

0 149

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ শেহতীয়াভাৱে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা বিয়াগোম দুৰ্নীতি স্বজন তোষণৰ প্ৰতিবাদত আজি যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয় মন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া বাতিলৰ দাবী উত্থাপন কৰে। কাৰ্যসূচীৰ অন্তত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে শূন্য সহনশীলতাৰ ফটাঢোল কোবোৱা ৰাজ্যৰ বিজেপি চৰকাৰখনে ৰাজ্যত শাসনভাৰ লোৱাৰে পৰা মুকলিকৈ দুৰ্নীতি আৰু স্বজন তোষণৰে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে।

মুখত সকলো সময়তে হৰি নাম যপ কৰা চৰকাৰখনে বিগত সময়ত বিভিন্ন দুৰ্নীতি আৰু জাতিদ্ৰোহী কাৰ্যকলাপেৰে অসমৰ জনগণক চৰম প্ৰবঞ্চনা কৰিছে। তাৰ জ্বলন্ত প্ৰমাণ হ’ল অতি শেহতীয়াকৈ পঞ্চায়তত সম্পন্ন কৰা নিযুক্তি প্ৰক্ৰিয়া। পঞ্চায়তৰ শেহতীয়াকৈ নিযুক্তি প্ৰক্ৰিয়াত বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিজেপি দলৰ নেতা পালিনেতাৰ অঙহী বঙহীয়ে কেৱল নিযুক্তি লাভ কৰা কাৰ্যক ধিক্কাৰ দি পৰিষদৰ নেতাদ্বয়ে কয় যে ৰাজ্য চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অবৈধ।
কাৰণ পঞ্চায়তৰ উক্ত নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষাৰ পূৰ্বেই প্ৰশ্ন কাকত ফাদিল হৈছিল। ইয়াৰ পিছত চৰকাৰে তদন্তৰ নামত ভেকোভাওনা কৰি সকলো নীতি নিয়ম জলাঞ্জলি দি নিযুক্তি প্ৰদান কৰা কাৰ্যই ৰাজ্যৰ লাখ লাখ মেধা সম্পন্ন নিবনুৱা যুৱক যুৱতীক বঞ্চিত কৰিছে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলেৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীয়ে নৱকুমাৰ দলে হায় হায়, সৰ্বানন্দ সোণোৱাল মূ্ৰ্দাবাদ,বিজেপি গ বেক, নিবনুৱাক বঞ্চিত কৰা অসম চৰকাৰ মূৰ্দাবাদ আদি বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তুলে।যুৱ-ছাত্ৰ পৰিষদে পঞ্চায়তৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো বাতিল কৰি নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী জনায়।

অন্যথা পৰিষদে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ লগতে অবৈধভাৱে নিযুক্তি লাভ কৰা প্ৰাৰ্থীক চাকৰিত যোগদানতো তীব্ৰ বাধা দিব বুলিও সকিয়াই দিয়ে পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে।

Comments
Loading...