EXIT POLL, OPINION POLL বিশ্বাস নকৰো

0 157

ডিজিটেল সংবাদঃ লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে ৯ৰ পৰা ১১খন আসন পোৱাটো নিশ্চিত। বিজেপিৰ প্ৰতি ২০১৬তকৈ মানুহৰ আস্থা বাঢ়িছে। আমি কৰা জনসভাই প্ৰমাণ কৰে এই কথা। এই মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই EXIT POLL, OPINION POLL বিশ্বাস নকৰো বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে লোৱা বহুকেইটা সিদ্ধান্ত কেবিনেটত অনুমোদন হৈছে। মোক দলে য’তেই খেলিবলৈ দিয়ে মই তাতেই নিৰ্বাচন খেলিম। কাকো টিকট বঞ্চিত কৰি নিৰ্বাচন খেলিবলৈ আগবঢ়া নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকী।

অগপৰে মিত্ৰতা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কয় যে, ‘অগপৰ সৈতে মিত্ৰতা এতিয়া অসম্ভৱ। তৃণমূল কৰ্মীয়ে বিচৰা নাই মিত্ৰতা। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপ আৰু বিজেপিৰ মাজত ব্যৱধান বৃদ্ধি পাইছে। মিত্ৰতা হ’লেও অগপই সহায় কৰিব বুলি মনে নধৰে। ৰাষ্ট্ৰীয় নেতৃত্বয়ো এইপৰ্যন্ত বিচৰা নাই মিত্ৰতা। যদি ৰাষ্ট্ৰীয় নেতৃত্বৰে অগপই কথা পাতিছে সেয়া আমাৰ অৱগত নহয় বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।

Comments
Loading...