ডিব্ৰুগড়ত ৯ লাখ ৭২ হাজাৰ ২৩১ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটদান 

0 203

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ দেশৰ নিৰ্বাচন আয়ুক্তই কালি লোকসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে তৎপৰ হৈছে ৰাজ্যৰ জিলা প্ৰশাসন। নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি চলাইছে।ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ডিব্ৰুগড় জিলা প্ৰশাসনেও। এই সম্পৰ্কত আজি ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সংবাদমেলৰ অনুষ্ঠিত কৰে।

জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সংবাদমেলত জিলাখনৰ ৭ টা বিধানসভা সমষ্টিত ৯৭২২৩১ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব বুলি জানিবলৈ দিছে। আনহাতে ইয়াৰে ৪৮৯৬২৫ গৰাকী পুৰুষ আৰু ৪৮২৬০৬ গৰাকী মহিলা ভোটাৰ আছে। উল্লেখযোগ্য যে জিলাখনত ১৩ নং ডিব্ৰুগড় আৰু ১৪ লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

এইবাৰ নিৰ্বাচনত ৮৭০ টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১০৮৫ টা নগৰ আৰু ১৮৩ টা গ্ৰাম্য এলেকাৰ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে ইয়াৰে ১১ টা ভোটগ্ৰহণ কেন্দ্ৰক সংকটকালীন, ৯০৭ টাক তাকৰীয়া স্পৰ্শকাতৰ, ২৮৭ টাক স্পৰ্শকাতৰ আৰু ৭৪ টা ভোটগ্ৰহণ কেন্দ্ৰক চিহ্নিত কৰা হৈছে অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে। সংবাদমেলত জিলা উপায়ুক্ত ঝাই জানিবলৈ দিয়ামতে এইবাৰ নিৰ্বাচনত ৬ টা ভোটগ্ৰহণ কেন্দ্ৰ অতিৰিক্তভাৱে সংযোজন কৰা হৈছে।

একেদৰে প্ৰতিটো সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত মডেল প’লিং ষ্টেচন আৰু মহিলা প’লিং ষ্টেচন থাকিব। নিৰ্বাচনৰ সময়ত যাতে কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে পূৰ্ণ দৃষ্টি ৰাখিব ডিব্ৰুগড় আৰক্ষী প্ৰশাসনে। ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শুভাষিনী শংকৰণে জানিবলৈ দিয়ামতে ইতিমধ্যে এই প্ৰক্ৰিয়াটো পৰ্যালোচনা কৰি থকা হৈছে। আনহাতে প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ বিষয়টো গুৰুত্ব প্ৰদান কৰিব জিলা নিৰ্বাচনী বিষয়াই।

ইতিমধ্যে নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয়ৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰি দিয়া হৈছে জৰুৰীকালীন হেল্পলাইন নম্বৰ। ০৩৭৩-২৩১২৯৪০, ০৩৭৩-২৩২৯৬৫৫, ০৩৭৩-২৩২৭০৮৬ আৰু ৯৪৩৫৩৫৮৩৭১ নম্বৰত যোগাযোগ কৰিব পাৰিব। আজিৰ সংবাদমেলত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক শুভাষিনী শংকৰণকে ধৰি জিলা নিৰ্বাচনী বিষয়া ৰুনাভ ৰামচিয়াৰীকে ধৰি ভালেকেইগৰাকী জিলা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে।

Comments
Loading...