অগপ-বিজেপিৰ পুনৰ মিলন

0 85

ডিজিটেল ডেস্কঃ অৱশেষত বহু জল্পনা কল্পনাৰ অন্ত পেলাই পুনৰ মিত্ৰতাৰ পাশত আৱদ্ধ হল বিজেপি-অগপ। কালি নিশা হোটেল ৰেডিছন ব্লুত হোৱা বৈঠকৰ পিছতে অগপ-বিজেপিৰ মিত্ৰতাৰ সম্পৰ্কত আনুষ্ঠানিক ঘোষণা কৰে বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ সিঙে।

কংগ্ৰেছক পৰাস্ত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৰাম মাধৱৰ লগতে অগপ সভাপতি অতুল বৰাই। ইপিনে আজি ঘোষণা কৰা হ’ব আসন সম্পৰ্কীয় বুজাবুজি। ইফালে মিত্ৰতাৰ কথা ঘোষণা কৰি অগপৰ পদত্যাগী ৩ মন্ত্ৰীক পুনৰ মন্ত্ৰিত্বৰ দায়িত্বভাৰ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে ৰাম মাধৱে। বৈঠকত উপস্থিত আছিল অগপৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।

Comments
Loading...