বিজেপিৰে মিত্ৰতা নকৰে এন পি পিয়ে

0 137

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা এন পি পিয়ে নকৰে বুলি স্পষ্ট কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। নিৰ্বাচনৰ পিছত প্ৰয়োজন হ’লে মিত্ৰতাৰ কথা ভাবিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। ইপিনে সমাগত লোকসভা নিৰ্বাচনত উত্তৰ–পূবৰ ২৫খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব দলটোৱে।

অসমৰ আটাইকেইটা সমষ্টিতে এন পি পি–এ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। মহানগৰীৰ হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত হোৱা আজিৰ বৈঠকত উত্তৰ–পূবৰ বিভিন্ন নিৰ্বাচনী ইছ্যুক লৈ আলোচনা কৰে। অগপ–বিজেপিৰ মিত্ৰতা তেওঁলোকৰ ভিতৰুৱা কথা বুলিও মন্তব্য কৰে কনৰাড চাংমাই।

Comments
Loading...