চাবুৱাত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

0 510

 

ডিজিটেল সংবাদ ঃ বিহুৰ আনন্দৰ মাজতে শুকুৰবাৰে নিশা চাবুৱাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা..জানিব পৰামতে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত বিহু উপলক্ষে আয়োজন কৰা ভোজৰ মাজতে সংঘটিত হয় এই অঘটন..BJP-r দুগৰাকী নেত্ৰীৰ দুজনকৈ স্বামীক মহতিয়াই নিলে NL-05B-1475 no.তীব্ৰবেগী এইখন স্কুল বাছে..বিধায়কৰ বাসগৃহৰ সমীপৰ ৩৭নং ৰাস্ট্ৰীয় ঘাইপথৰ কাষতে ৰৈ থকা অৱস্থাতে সংঘটিত হয় কৰুণ দুৰ্ঘটনাতো। ফলত ঘটনাস্হলীতে নিহত হয় কুশল বৰুৱা নামৰ এইজন ব্যক্তি।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পল্লব বৰুৱাক সংকটজনক অৱস্হাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে..উল্লেখ্য যে স্কুল বাছখন তিনিচুকীয়াত মেৰামতি কৰি চাবুৱালৈ ঘূৰি অহা অৱস্হাতে সংঘটিত হয় দুৰ্ঘটনাতো..ইফালে সুৰাপান কৰি বাছখন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে বাছৰ চালক আব্দুল ৰফিকৰ বিৰুদ্ধে..অানহাতে ঘটনাৰ পাছতে চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চালক আব্দুল ৰফিকক..ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চাবুৱাত সৃষ্টি হৈছে এতিয়া শোকাকুল পৰিৱেশৰ৷

Comments
Loading...