গুৱাহাটীত মটক যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন 

সাস্কৃংতিক বৈচিত্ৰ বজাই ৰাখিব নোৱাৰিলে অসমীয়া জাতি জীয়াই নাথাকিবঃ পলাশ চাংমাই  

0 74
ডিজিটেল ডেস্কঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অাৰু জনগোষ্ঠীয় সন্মিলনখন গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত শনি অাৰু দেওবাৰে গুৱাহাটীৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।
ৰাষ্ট্ৰযন্ত্র অাৰু অাগ্ৰাসী ভাৰতীয় সমাজৰ অবিৰত শোষণ-লুন্ঠন অাৰু বিদেশীৰ অবাধ প্ৰৱজনৰ ফলশ্ৰুতিত মেৰুদণ্ড ভাগি পৰা উওৰ-পূৰ্বাঞ্চলৰ পাহাৰ-ভৈয়ামৰ ভূমিপুত্রই এনে ভয়ংকৰ প্ৰত্যাহ্বানৰ মুখামুখী হ’বলৈ সন্মিলিত উওৰ-পূৰ্বাঞ্চলীয় শক্তিৰ প্ৰয়োজনো প্ৰশ্নাতীত বুলি পৰিষদে গণ্য কৰি অাহিছে।
অানহাতে অতি সাম্প্ৰতিক সময়ত সংকটাপূৰ্ণ মটক জনগোষ্ঠীৰ অস্তিত্ব বৰ্তাই ৰখা অাৰু সাংবিধানিক, ৰাজনৈতিক, পিতৃভূমি ভূ-সম্পদৰ অধিকাৰ সাব্যস্তকৰণৰ বাবে বজ্ৰকঠোৰ সিদ্ধান্ত গ্ৰহণ, সমাজ জীৱন সময়োপযোগীকৈ গঢ় দিয়াকে ধৰি সৰ্বদিশৰ উপায় উদ্ভাৱনাৰ হেতু প্ৰতিষ্ঠা দিৱসখনি গুৰুত্ব বুলি বিবেচিত হৈছে।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা পতাকা উওোলন কৰে মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই। দেওবাৰে পুৱা বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ  কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাৰ লগত সহযোগ কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা অাৰু অামছুৰ ডিব্ৰুগড় জিলাৰ উপদেষ্টা চফি অালম খানে।
 
উদযাপন সমিতিৰ মুখ্য সম্পাদক শৈলেন কুমাৰ বৰুৱাই অাঁতধৰা অনুষ্ঠানত মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তথা চাবুৱা সমষ্টিৰ  বিধায়ক বিনোদ হাজৰিকাই।
অনুষ্ঠানত বিশিষ্ট বুৰঞ্জীবিদ তথা লেখক শ্ৰীকুমাৰ দহোটিয়াই উপস্থিত থাকি মটক জনগোষ্ঠীৰ উওৰণ তথা সুৰক্ষাৰ বাবে অাত্ম বলিদান দিয়া বীৰ শ্বহীদ সকলৰ নামত উচৰ্গা কৰা ‘বেংমৰা’ নামৰ এখন গ্ৰন্থ  উন্মোচন কৰে। অামন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে, অসমৰ সকলো জনগোষ্ঠীয়ে সাংস্কৃতিক বৈচিত্র বজাই ৰাখিব নোৱাৰিলে অসমীয়া জাতি জীয়াই নাথাকিব।
মুকলি সভাত দৈনন্দিন বাৰ্তাৰ সম্পাদক শংকৰ গোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক অৰুণ হাজৰিকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সদৌ মৰাণ ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণ, মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা চাবুৱাৰ বিশিষ্ট সমাজ কৰ্মী মৃদুল ৰাজখোৱা, সদৌ দেউৰী ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰাঞ্জল দেউৰী, কাৰ্বি ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি চেমচন টেৰণ, কোচ ৰাজবংশী ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে।
Comments
Loading...